ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কাইলৈ ৫৮টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কাইলৈ ৫৮ টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইয়াৰে ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০টা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা, পশ্চিমবংগৰ ৮টা আৰু জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। ভোটগ্রহণ পুৱা ৭ বজাত আৰম্ভ হ’ব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা ধর্মেন্দ্র প্রধান, মানেকা গান্ধী মনোহৰ লাল খট্টৰ, সম্বিত পাত্ৰা, বাঙ্গুৰি স্বৰাজ, মনোজ তিৱাৰী, কংগ্ৰেছৰ দীপেন্দ্ৰ সিং হুড্ডা, কুমাৰী শ্বেলজা, ৰাজ বাববৰ, কন্হইয়া কুমাৰ, সমাজবাদী প্ৰাৰ্থীৰ ধৰ্মেন্দ্ৰ যাদৱ আৰু পি ডি পিৰ মুৰববী মেহবুবা মুফটি অন্যতম। আয়োগে ভোটগ্রহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বয়োজ্যেষ্ঠ আৰু দিব্যাংগসহ প্ৰতিগৰাকী ভোটাৰে যাতে সহজে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰবাবে ভোটগ্রহণ কেন্দ্ৰসমূহত খোৱাপানী, ছাঁ, শৌচালয়, বিদ্যুৎ, ৰেম্প, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকলক গৰমৰ সন্মুখীন হোৱাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। নির্বাচন হ’বলগীয়া এলেকাসমূহত অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। আয়োগে লগতে ৰেমাল নামৰ ঘূৰ্ণি বতাহজাকৰ আশংকালৈ চাই ভোটগ্রহণ কেন্দ্রসমূহত প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনসমূহক সকিয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক