ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা ধর্মেন্দ্র প্রধান, মেনকা গান্ধী, মনোহৰ লাল খট্টৰ, সম্বিত পাত্র, কংগ্ৰেছ নেতা দিপেন্দৰ সিং হুদা, কুমাৰী ছেলজা, ৰাজ বাববৰ, সমাজবাদী পাৰ্টিৰ নেতা ধর্মেন্দ্ৰ যাদৱ, পি ডি পিৰ মুৰব্বী মেহবুবা মুফটিৰ ভাগ্য নির্ণয় কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। দিল্লীত এই পৰ্যায়ত সাতটা সংসদীয় সমষ্টিত মুঠ ১ কোটি ৫২ লাখ ভোটদাতাই ১৬২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। এই প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ মনোজ তিৱাৰী আৰু বাঙ্গুৰি স্বৰাজ, আম আদমী পাৰ্টীৰ সোমনাথ ভাৰতী আৰু কুলদ্বীপ কুমাৰ তথা কংগ্ৰেছৰ কনহায়া কুমাৰ আৰু জে পি আগৰৱাল অন্যতম। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে নির্বাচন সুকলমে তথা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গঢ়ি তোলা হৈছে। চহৰখনত স্থাপন কৰা মুঠ ১৩ হাজাৰ ৬৩৭টা ভোটোগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৭০টা গোলপীয়া ভোটগ্রহণ কেন্দ্র আছে। এই গোলপীয়া ভোটগ্রহণ কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ’ব। আনহাতে, প্ৰথমবাৰৰ বাবে প্ৰতিটো সংসদীয় সমষ্টিতে বিশেষভাৱে সক্ষম লোকে সম্পূৰ্ণ ৰূপে পৰিচালনা কৰা একোটাকৈ ভোটকেন্দ্ৰও স্থাপন কৰা হৈছে । ইপিনে, জম্মু আৰু কাশ্মীৰত কাইলৈ ষষ্ঠ পৰ্যায়ত ২৫ হাজাৰৰো অধিক কাশ্মিৰী প্ৰব্ৰজনকাৰীয়ে অনন্তনাগ-ৰাজৌৰি সমষ্টিত ভোটদান কৰিব। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা তথ্য অনুসৰি জম্মু, উধমপুৰ আৰু এন চি আৰ দিল্লীত কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সেই অনুসৰি ৩৪টা বিশেষ ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। আনহাতে, ভোটগ্রহণ কেন্দ্ৰ আৰু অন্যান্য স্থানসমূহৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধ-সামৰিক বাহিনীৰ ১৫০টা গোটৰ লগতে জম্মু-কাশ্মীৰ সশস্ত্ৰ আৰক্ষী তথা ভাৰতীয় সশস্ত্র বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক