ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। প্ৰচাৰৰ সামৰণিৰ ক্ষণ চমু চাপি অহাৰ লগে লগে প্ৰধান প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ষষ্ঠ পৰ্যায়ত সামৰি ল’বলগীয়া সমষ্টিসমূহৰ ভোটদাতাৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। ইফালে, লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবেও প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। ২৫ মেত আৰু ১ জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি হাৰিয়ানাৰ ভিৱানী-মহেন্দ্ৰগড়ত দলৰ হৈ প্ৰচাৰ চলাব। শ্রীমোডীয়ে আজি পাঞ্জাবৰ পাটিয়ালা চহৰতো নির্বাচনী সভাক সম্বোধন কৰিব। পাটিয়ালাৰ বিজেপি প্রার্থী পৰ্ণীত কৌৰে কৈছে যে জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণলৈ আগ্ৰহেৰে বাট চাই আছে। দিল্লীতো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। দিল্লীৰ সাতোখন আসনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। দিল্লীৰ আটাইকেইটা সমষ্টিৰ বাবে ষষ্ঠ পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৰাজনৈতিক দলসমূহে ৰোড শ্ব, নিৰ্বাচনী সভা আৰু ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰৰ জৰিয়তে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ ভালেকেইগৰাকী আগশাৰীৰ নেতা আৰু ষ্টাৰ প্ৰচাৰকে আজি দিল্লীৰ বিভিন্ন অংশত প্ৰচাৰত ভাগ ল’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, উত্তৰাখণ্ড আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে দলৰ হকে বিভিন্ন স্থানত নির্বাচনী সভা আৰু ৰোড শ্বত অংশ ল’ব। ইফালে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি মংগোলপুৰী আৰু সীমাপুৰীত নিৰ্বাচনী সভাত ভাষণ দিব। আম আদমী পাৰ্টীৰ শীৰ্ষ নেতাসকলেও দলীয় প্ৰাৰ্থীৰ হকে ৰোড শ্ব’ত ভাগ ল’ব। ওড়িশাতো ষষ্ঠ পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৬টা লোকসভা আৰু ৪২টা বিধানসভা সমষ্টিৰ বাবে প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক