লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে অসমত জিলা প্রশাসনসমূহৰ প্রস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল’বলৈ বৈঠকত মিলিত হৈছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে তৎপৰ হৈ উঠিছে। গণনাৰ বাবে নিয়োজিত বিষয়া, মাইক্র’অবজার্ভৰ, সহকাৰী বিষয়াকে ধৰি সংশ্লিষ্টসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। যোৱা ২৪ মে’ত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল। একেদৰে তিনিচুকীয়া জিলাত ভোট গণনাৰ দায়িত্ব নিৰ্বাহ কৰিবলগীয়া বিষয়া কৰ্মচাৰীসকলৰ বাবে আজি এটা বিশেষ প্রশিক্ষণ অনুষ্ঠিত হয়। জিলাখনৰ বৰদলৈ নগৰত থকা তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত প্রশিক্ষণ কাৰ্যসূচীত চাৰি শতাধিক বিষয়া-কৰ্মচাৰীয়ে অংশ লয়। প্রশিক্ষণ কালত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো বিষয় বিতংকৈ ব্যাখ্যা কৰা হয়। উল্লেখযোগ্য যে তিনিচুকীয়া জিলা প্রশাসনে প্রথমবাৰৰ বাবে সৰ্বানন্দ সিংহ ষ্টেডিয়ামত ভোটগণনা কেন্দ্ৰ স্থাপন কৰিছে । এই কেন্দ্ৰত তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ডিগবৈ, তিনিচুকীয়া, মাকুম আৰু ডুমডুমা বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ’ব। প্ৰতিটো সমষ্টিৰ বাবে ১৪খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন টেবুলত একোগৰাকীকৈ গণনা তত্বাৱধায়ক, গণনা সহকাৰী আৰু একোজন মাইক্ৰ’অবজার্ভাৰ থাকিব। অহা ৩১ মে’ত তেওঁলোকৰ আন এটা পর্যায়ত প্রশিক্ষণ অনুষ্ঠিত হ’ব। ইপিনে মাৰ্ঘেৰিটা মহকুমাধিপতি আৰু শদিয়া মহাকুমাধিপতিৰ কাৰ্যালয়ত মাৰ্ঘেৰিটা আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ’ব। অহা ৪ জুনৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব । ইফালে, ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ ৫০টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। স্ট্রং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ছগৰাকী মহিলা প্রার্থীকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্রথম পৰ্যায়ত ৰাজ্যখনৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ৬১ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক