কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। দলে অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া ৰাজ বাববৰক হাৰিয়ানাৰ গুৰগাঁও আসনৰ পৰা আৰু প্ৰাক্তন কেন্দ্রীয় মন্ত্রী আনন্দ শৰ্মাক হিমাচল প্ৰদেশৰ কাংগ্ৰাৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। একেদৰে ছটপাল ৰায়জাদা হিমাচল প্ৰদেশৰ হামিৰপুৰৰ পৰা আৰু ভূষণ পাৰ্টিলক মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ সংসদীয় সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচনী সমিতিয়ে কালি প্ৰাৰ্থীকেইজনৰ নাম চূড়ান্ত কৰে।
Site Admin | May 1, 2024 1:16 PM | Congress
লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ আন চাৰিগৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ
