April 27, 2024 6:46 PM | election campaign

printer

লোকসভা নিৰ্বাচনৰ বাকী ৫টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকী ৫ টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত ভাগ লোৱা পৰিলক্ষিত হৈছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৫ খন আসনৰ বাবে ৭ মে’ত ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কেন্দ্রীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি গুজৰাটৰ পোৰবন্দৰত এখন নির্বাচনী সভাক সম্বোধন কৰি ভাৰত এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত বিশ্বৰ শীৰ্ষৰ তিনিটা অৰ্থব্যৱস্থাৰ অন্যতমৰূপে পৰিগণিত হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্রত্যাহাৰৰ দৰে ঐতিহাসিক সিদ্ধান্ত, ৰাম মন্দিৰৰ নিৰ্মাণ, সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বিভীষিকা ৰোধ আৰু দেশলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে প্রধানমন্ত্ৰীক ভূয়সী প্রশংসা কৰে। শ্ৰী শ্বাহে তেওঁৰ ভাষণত ধ্ৰুৱীকৰণ নীতি আৰু ভোটবেংকৰ ৰাজনীতিৰ বাবে কংগ্ৰেছক তীব্র সমালোচনা কৰে। ইফালে, কংগ্ৰেছ দলৰ নেত্রী প্রিয়ংকা গান্ধী ভাদ্রাই আজি গুজৰাটৰ ৱলছাদ জিলাৰ ধৰ্মপুৰত এখন নির্বাচনী সভাত অংশ লয়। তেওঁ কয় যে তেওঁৰ দল ক্ষমতালৈ আহিলে নগৰ অঞ্চলত ১০০ দিনৰ কামৰ নিশ্চয়তাৰ বাবে এম জি এনৰেগাৰ দৰে নিয়োগ নিশ্চিতকৰণ আঁচনি প্ৰৱৰ্তন কৰিব। কংগ্ৰেছ দলে জনজাতীয় লোকৰ বাবে বিশেষ পুঁজি আৱণ্টন কৰিব আৰু ইস্তাহাৰৰ প্ৰতিশ্ৰুতি অনুযায়ী দুখীয়া, কৃষক আৰু নিপীড়িতসকলৰ কল্যাণৰ হকে কাম কৰিব বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী ভাদ্রাই মুদ্রাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় লৈ শাসকীয় দলৰ সমালোচনা কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই আজি বৰপেটা জিলাৰ কয়াকুচিত কংগ্ৰেছৰ বৰপেটা আৰু কোকৰাঝাৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী দ্বীপ বায়ন আৰু গৰ্জন মুছাহাৰীৰ সমৰ্থনত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে। সভাত শ্রীখাৰ্গেয়ে দলটোৱে শাসনলৈ আহিলে মহিলাসকলক ১ লাখ টকাৰ বিত্তীয় সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে যুৱক-যুৱতীসকলৰ বাবে ১ লাখ টকাৰ শিক্ষাবৃত্তি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শাসনাধিস্থ বিজেপিক তীব্র সমালোচনা কৰি শ্রীখার্গেই কয় যে কংগ্ৰেছে প্ৰদান কৰা নিশ্চয়তা পূৰণ কৰে, কিন্তু বিজেপিয়ে অকল প্ৰতিশ্ৰুতি প্ৰদানহে কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলক বছৰি ২ কোটি চাকৰি প্ৰদান কৰা আৰু খেতিয়কসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও তেওঁ সেই প্ৰতিশ্ৰুতি পূৰ্ণত ব্যর্থ হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে কংগ্ৰেছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে। সংবাদ মাধ্যমৰ মুখামুখি হৈ কংগ্ৰেছ নেতাজনে কয় যে, কংগ্রেছে ৫টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু ২৫টা গেৰাণ্টি জনসাধাৰণক দিছে। তেওঁৰ দলে এই সকলো প্ৰতিশ্ৰুতি আৰু গেৰাণ্টি বাস্তৱায়িত কৰিব বুলি দাবী কৰি শ্ৰী খাৰ্গেয়ে প্রধানমন্ত্ৰী সমালোচনা কৰি কয় যে, বিগত ১০ বছৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যৰ্থ হৈছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে, কংগ্রেছে মুদ্রাস্ফিতী নিয়ন্ত্রণ, নিবনুৱা সমস্যা আৰু উন্নয়নৰ হকে সংগ্ৰাম কৰি আছে, কিন্তু বিজেপিয়ে এইবোৰ সমস্যালৈ পিঠি দি মেৰুকৰণ আৰু জনতাক বিভক্ত কৰাৰ ৰাজনীতি কৰিছে।