লোকসভা নিৰ্বাচনৰ বাকী কেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন ঠাইত নির্বাচনী সভা আৰু ৰোড শ্ব’ত ভাগ লোৱা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ আহমেদ নগৰত এখন নির্বাচনী সভাত ভাগ লৈ কয় যে গৰীৱ কল্যাণ, ৰাষ্ট্ৰীয় সুৰক্ষা উন্নয়ন আৰু দেশৰ আত্মসন্মান এন ডি এ চৰকাৰৰ মূল কাৰ্যসূচী। তেওঁ ভাষণ প্ৰসংগত আই এন ডি আই মিত্ৰজোঁট আৰু কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্ৰীমোদীয়ে বিগত ১০ বছৰত এন ডি এ চৰকাৰে লোৱা বিভিন্ন পদক্ষেপত আলোকপাত কৰে। আই এন ডি আই মিত্ৰজোঁটৰ নেতা লালু প্রসাদ যাদৱে অলপতে দিয়া বিবৃতিৰ তীব্ৰ বিৰোধীতা কৰি শ্ৰীমোদীয়ে কয় যে, মিত্ৰজোঁটটোৱে ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্ৰদানৰ বাবে আৰু সংবিধান সলনি কৰাৰ বাবে চেষ্টা চলাই আছে। ইপিনে, কংগ্ৰেছৰ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে বিজেপিয়ে যিকোনো প্ৰকাৰে ক্ষমতা লাভত গুৰুত্ব আৰোপ কৰা আৰু ৰাজনৈতিক মুনাফাৰ বাবে ঘৃণা বিয়পোৱা বুলি অভিযোগ তুলিছে। শ্রীমতী গান্ধীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা ভিডিঅ’ বার্তাত কয় যে, দেশৰ প্ৰতিটো অংশত যুৱক-যুৱতীসকল কর্মসংস্থাপনহীনতাৰ, মহিলাসকল আতিশায্য আৰু দলিত জনজাতি তথা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল বৈষম্যৰ সন্মুখীন হৈছে। তেওঁ কয় যে, কংগ্ৰেছ আৰু আই এন ডি আই মিত্রজোঁট সংবিধান আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ। উত্তৰ প্ৰদেশত আজি বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকে দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লখিমপুৰ খেৰী, হাৰদৈ আৰু কন্নৌজ জিলাত প্ৰচাৰ অভিযানত ভাগ ল’ব। একেদৰে দলৰ সাংগঠনিক সম্পাদক বি এল সন্তোষে বাৰাবাংকী আৰু গোণ্ডা জিলাত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ইপিনে, সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেষ যাদৱে আজি শ্বাহজাহানপুৰ আৰু ফাৰুখাবাদ জিলাৰ দলীয় প্ৰাৰ্থীৰ হকে নির্বাচনী সভা সম্বোধন কৰিব। কংগ্ৰেছ দলৰ নেতা তথা উত্তৰ প্ৰদেশৰ নিৰ্বাচনী দায়িত্বত থকা অবিনাষ পাণ্ডে আজি জাল’ন জিলাত দলীয় কৰ্মীৰ সৈতে বৈঠকত মিলিত হ’ব।
Site Admin | May 11, 2024 3:18 PM | UP Poll Campaign