ডাউনলোড
মোবাইল এপ

android apple
signal

April 20, 2024 8:18 PM | election updates

printer

লোকসভা নিৰ্বাচনৰ বাকীকেইটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকীকেইটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোডশ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ চিকবল্লাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সুধাকৰ আৰু জে ডি এছৰ প্ৰাৰ্থী মল্লেশ বাবুৰ হকে চিকবল্লাপুৰত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ নীতিসমূহৰ পৰা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ লোকসকল উপকৃত হৈছে। তেওঁ লগতে ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱা বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে, উচ্চশিক্ষাৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ বিদ্যাৰ্থীৰ নামভৰ্তি ৬৫ শতাংশ, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ নামভর্তি ৪৫ শতাংশ বৃদ্ধি পাইছে। প্রধানমন্ত্রীয়ে কয় যে, বিজেপি চৰকাৰে আত্ম-সহায়ক গোটসমূহৰ প্ৰতি সমর্থন আগবঢ়াই আহিছে, ১ কোটি লাখপতি বাইদেউৰ সৱলীকৰণ সুনিশ্চিত কৰিছে আৰু সমবায় খণ্ডৰ সম্প্ৰসাৰণৰ জৰিয়তে খেতিয়কসকলৰ হিত সাধন কৰিছে। আই এন ডি আই মিত্রজোটৰ কোনো নেতা আৰু ভৱিষ্যত পৰিকল্পনা নাই বুলি শ্রীমোদীয়ে অভিযোগ তোলে। নির্বাচনী সভাত ভাগ লৈ প্ৰাক্তন প্রধানমন্ত্রী তথা জে ডি এছৰ নেতা দেৱেগৌড়াই কয় যে, দুর্নীতিগ্রস্ত কংগ্ৰেছ চৰকাৰে ২০১৪ চনত ৰাজকোষ খালী কৰি থৈ গৈছিল। ইপিনে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰময়াই প্রধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। তেওঁ প্রধানমন্ত্রীক সকলো ভোটদাতাক দলীয় ইস্তাহাৰৰ কিমান প্ৰতিশ্ৰুতি পূৰণ হৈছে, সেই বিষয়ে অৱগত কৰাবলৈ আহ্বান জনাইছে। তেওঁ বিজেপিৰ দলীয় ইস্তাহাৰত কৰা সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ কাৰ্য্যসূচীয়ে দুখীয়া জনসাধাৰণৰ বোজা বৃদ্ধি কৰিব বুলি অভযোগ তোলে। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰতিশ্ৰুতি অনুসৰি প্ৰতিখন ৰাজ্যত এতিয়াও অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান স্থাপন কৰা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে।

অসমতো লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব। এই পৰ্য্যায়ত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। আজি ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই এন ডি এৰ মনোনীত প্রার্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জ, বৰখলা, ধলাই আৰু হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নির্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে, নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰহা বিধানসভা সমষ্টিৰ কচুৱা তিনিআলিত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ সন্ধিয়া শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। কেৰালাতো প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনৰ ২০ খন লোকসভা আসনৰ বাবে ২৬ এপ্ৰিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব। তামিলনাডুৰ বিজেপি নেতা বিজয় ধাৰণীয়ে আজি তিৰুৱনন্তপুৰমৰ এন ডি প্রার্থী তথা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ হকে অনন্তপুৰীত মহিলা সন্মিলনক সম্বোধন কৰে। ইউ ডি এফৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীয়ে চালকুদি লোকসভা সমষ্টিৰ ইউ ডি এফ প্রার্থী বেন্নি বেহননৰ হকে প্ৰচাৰ চলায়। ইফালে, মার্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ প’লিট ব্যুৰ’ৰ সদস্য বৃন্দা কাৰাটে আজি ত্ৰিশূৰৰ কেইবাখনো নির্বাচনী সভাত ভাগ লয়। ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডি ৰাজায়ো ৱায়নাড সংসদীয় সমষ্টিৰ এল ডি এফ প্ৰাৰ্থী অনি ৰাজাৰ হকে মনন্ত আৱড়িত এখন জনসভাক সম্বোধন কৰে ।

অধিক পঢ়ক

সকলো চাওক