দেশৰ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী তিনিটা পৰ্যায়ৰ বাবে বাকী থকা সমষ্টিসমূহত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰচাৰ অভিযান পূর্ণগতিত অব্যাহত ৰাখিছে। প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত কেইবাখনো জনসভাত ভাগ লৈছে। আজি পুৱা হাজিপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি নেতা গৰাকীয়ে ৰাজ্যবাসীক দেশৰ উন্নয়নৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে শ্রী মোদীয়ে পাটনা চহৰৰ তাখাত শ্রী হৰিমন্দিৰজি পাটনা চাহিব দর্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আবেলিলৈ উত্তৰ প্ৰদেশৰ বাৰানসীত এটা ৰোড শ্বত অংশ ল’ব। উল্লেখযোগ্য যে, কাইলৈ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে বাৰানসী লোকসভা আসনৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। আনফালে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ ধূলে আৰু পালঘৰ জিলাত নির্বাচনী সমাবেশত অংশ ল’ব।
মূল বিৰোধী দল কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেও কালি মহাৰাষ্ট্ৰৰ ধূলেত হোৱা এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি শাসনাধিস্থিত বিজেপি চৰকাৰখনৰ তীব্র সমালোচনা কৰে। শ্রী খার্গে আজি ঝাৰখণ্ডত দুখন নির্বাচনী সভা সম্বোধন কৰিব।
উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়েও আজি নির্বাচনী প্ৰচাৰত অংশ ল’ব। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কালি ৰাজ্যখনৰ কেইবাটাও স্থানত নির্বাচনী সভাত অংশ লৈ বিজেপিক মিথ্যাচাৰীৰ দল বুলি সমালোচনা কৰে। ইফালে আম আদমী পার্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কালি কেইবাখনো নির্বাচনী সভাত অংশ লৈ বিদ্যুৎ, পানী, স্বাস্থ্য, শিক্ষা আৰু কর্মসংস্থানৰ দিশত পদক্ষেপ লোৱাৰ বিষয়ে উল্লেখ কৰাৰ লগতে দলৰ ঘোষণা পত্ৰত ৰাইজৰ সেৱাৰ সৈতে জড়িত ১০টা নিশ্চয়তা পূৰণৰ বিষয়ে ব্যক্ত কৰে।
অসমৰ মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শর্মায়ো কালি নতুন দিল্লীত অনুষ্ঠিত নির্বাচনী সভাত অংশ লৈ বিজেপি নেতৃত্বাধীন এন ডি এয়ে ৪০০ খনতকৈ অধিক আসন লাভ কৰিলে পাক অধিকৃত কাশ্মীৰক ভাৰতৰ সৈতে অন্তর্ভুক্ত কৰাৰ দিশত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শক্তিশালী পদক্ষেপ গ্রহণ কৰিব বুলি ব্যক্ত কৰে। দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালক কঠোৰ ভাষাৰে সমালোচনা কৰি ডº শৰ্মাই লগতে কয় যে, যোৱাবাৰৰ দৰে এইবাৰো দিল্লীৰ আটাইকেইখন আসনত বিজেপি প্রার্থী জয়ী হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পাঞ্জাৱৰ পাটীয়ালাত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।