April 20, 2024 7:09 PM | PM Modi

printer

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত প্ৰধানমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ নান্দেডত আজি এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে ভোটদানৰ এই ধাৰা পৰৱৰ্তী পৰ্যায়কেইটাতো অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ গণতন্ত্ৰৰ বাবে শাসকীয় দল আৰু বিৰোধী দলসমূহে অক্লান্তভাৱে কাম কৰি যোৱাত গুৰুত্ব দিয়ে। জনসভাত দিয়া ভাষণত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰৰ বিভিন্ন সাফল্যৰ খতিয়ান দিয়ে। এই ক্ষেত্ৰত তেওঁ মহিলাৰ বাবে অনাময় ব্যৱস্থা, দৰিদ্ৰ লোকৰ বাবে বেংক একাউণ্টৰ সুবিধা, ডিজিটেল ভাৰত আৰু ইউ পি আই প্ৰযুক্তিৰ উদাহৰণ দিয়ে। কংগ্ৰেছ ক সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে, দলটোৱে ইউ পি আই প্রযুক্তি, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰাৰ লগতে মহাৰাষ্ট্ৰক সদায় অনাদৰ কৰি আহিছে। শ্ৰী মোদীয়ে তেওঁৰ চৰকাৰে কিষাণ সম্মান নীধি আঁচনিৰ জৰিয়তে কৃষকৰ স্বাৰ্থত কাম কৰা বুলি দাবী কৰে। তেওঁ লগতে দেশ বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ন্যায় প্ৰদানৰ বাবে নাগৰিকত্ব আইনৰ সংশোধন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে, ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি কৰি গঢ়ি তোলাৰ বাবে তেওঁ প্ৰতিশ্রুতিবদ্ধ। নান্দেড আৰু হিংগোলী লোকসভা সমষ্টিত ২৬ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব। আজিৰ জনসভাত মুখ্যমন্ত্রী একনাথ ছিন্দে, বিজেপিৰ সাংসদ অশোক চৱন্ত আৰু আৰ পি আইৰ সভাপতি তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামদাস আথাৱালে উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক