লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬০.৪৮ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কালি সামগ্রিকভাৱে ৬০.৪৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। প্ৰচণ্ড গৰমকো নেওচি সমাজৰ সকলো শ্ৰেণীৰ লোকে ভোটগ্রহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। এই পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টি সামৰি লোৱা হয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ওড়িশা আৰু বিহাৰৰ ৫ টাকৈ, ঝাৰখণ্ডৰ তিনিটা আৰু জম্মু-কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হয়। এই পৰ্যায়ত মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে এইবাৰৰ নিৰ্বাচনত জম্মু-কাশ্মীৰৰ বাৰামুল্লাত যোৱা ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক ৫৮.১৭ শতাংশ ভোটদান হয়। পঞ্চম পর্যায়ত বিহাৰত ৫৪. ৮৫ শতাংশ, ঝাৰখণ্ডত ৬৩. ০৯ শতাংশ, লাডাখত ৬৯.৬২ শতাংশ, মহাৰাষ্ট্ৰত ৫৪.৩৩ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৭৯ শতাংশ, ওড়িশাত ৬৯.৩৪ শতাংশ আৰু পশ্চিমবংগত ৭৬.০৫ শতাংশ হাৰত ভোটদান হয়।

পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ সমাপ্তিৰ লগে লগে দেশৰ ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪২৮টা সংসদীয় সমষ্টিত সাধাৰণ নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। ইয়াৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশ, ছিকিম, অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ আটাইকেইখন আৰু ওড়িশা বিধানসভাৰ ৬৩ খন আসনৰ বাবে ভোটগ্রহণ সম্পূৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক