ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। আজি ভোটগ্রহণ হোৱা সমষ্টিসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩ টা, পশ্চিমবঙ্গৰ সাতটা, ওড়িশা আৰু বিহাৰৰ ৫ টাকৈ, ঝাৰখণ্ডৰ তিনিটা আৰু জম্মু-কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণৰ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এই পৰ্য্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে এল শৰ্মা, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা আৰু এল জে পি ৰামবিলাস পাছোৱানৰ চিৰাগ পাছোৱান অন্যতম। ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ৯৪ হাজাৰ ৭৩২ টা ভোটগ্রহণ কেন্দ্ৰত ৯ লাখ ৪৭ হাজাৰৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে ভোটগ্রহণ কেন্দ্ৰসমূহত খোৱা পানী, ৰেম্প, শৌচালয়, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰাৰ লগতে বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকসকলে যাতে ভোটদান কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক