লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৪৯ টা সমষ্টিত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হবলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। তৃতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ঝাৰখণ্ডৰ ৩টা, বিহাৰ আৰু ওড়িশাৰ ৫ টাকৈ লগতে জম্মু কাশ্মীৰ তথা লাডাখত এটাকৈ সমষ্টিত ভোটগ্রহণ হ’ব। এই পৰ্যায়ত মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসমূহৰ ভিতৰত বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰাণী, পিয়ুছ গোৱেল, কংগ্ৰেছৰ ৰাহুল গান্ধী, কে এল শৰ্মা, এন চিৰ ওমৰ আব্দুল্লা আৰু এল জে পি ৰামৱিলাসৰ চিৰাগ পাছোৱান অন্যতম।

অধিক পঢ়ক

সকলো চাওক