ডাউনলোড
মোবাইল এপ

android apple
signal

April 27, 2024 11:23 AM | 2nd phase election

printer

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কালি প্ৰায় শান্তিপূর্ণভাৱে সম্পূৰ্ণ হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকে প্রচণ্ড গ্রীষ্ম প্রবাহকো নেওচি ভোটগ্রহণত অংশগ্ৰহণ কৰে। ১৩খন ৰাজ্যৰ ৮৮টা সমষ্টি সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে প্ৰায় ৬৮ দশমিক ৪৮ শতাংশ ভোটদান হয়। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও কালি ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীৰ্গৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্রহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, চি পি আইৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূর্য, হেমামালিনী, অৰুণ গভিল, ওম বিৰলা, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে ডি এছৰ এইছ ডি কুমাৰ স্বামী, বিজেপিৰ দিলীপ শ‍ইকীয়া, পৰিমল শুক্লবৈদ্য, আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। এই পৰ্যায়ত মুঠ এহেজাৰ ২০২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ ৫ টা সমষ্টিতো কালি শান্তিপূর্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যখনত প্ৰায় ৭৭.৩৫ শতাংশৰো ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। দৰং-ওদালগুৰি সমষ্টিত ৭৮.৪১, ডিফুত প্রায় ৭৩.১১, কৰিমগঞ্জত ৭৫.৬৩, নগাঁৱত ৮০.৫৬ আৰু শিলচৰত ৭৫.৯৭ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত ২ গৰাকী মহিলা প্রার্থীসহ মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক ২৪ গৰাকী, নগাঁৱত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োৱে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে, শিলচৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্য্যকান্ত সৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নগাঁও সমষ্টিত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামে প্রতিদ্বন্দ্বিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰছিং তিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বার্নার্ড চাংমাই প্রতিদ্বন্দ্বিতা কৰিছে। নির্বাচন আয়গে কৈছে যে দ্বিতীয় পৰ্যায়ৰ ভটগ্ৰহণৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে নিৰ্ভয়ে ভোটদান কৰাৰ বাবে ভোটদাতাসকলৰ বাবে অনুকুল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে কঠোৰ ব্যৱস্থা বলবৎ কৰা হয়। ১ লাখৰো অধিক ভোটগ্রহণ কেন্দ্ৰত ৱেবকাষ্টিংৰ ব্যৱস্থা কৰা বুলি আয়োগে প্ৰকাশ কৰিছে। আয়োগে লগতে ছত্তিশগড়ৰ বাষ্টাৰ সংমণ্ডলৰ ১০২খন গাঁৱৰ লোকে এইবেলি লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰা বুলি জানিবলৈ দিছে। ০০০০০ গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।ৰাজ্যখনত অহা মে’ত নির্বাচন অনুষ্ঠিত হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি পোৰবন্দৰ ভাৰত আৰু পঞ্চমহলত দলীয় প্ৰাৰ্থীৰ হৈ ৩টা ৰেলীত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ আগলৈ শ্ৰী শ্বাহে বডোডৰাত এটা ৰোড শ্বত ভাগ ল’ব। আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্রাই আজি উত্তৰ গুজৰাটত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ বলছাড় জিলাৰ ধৰ্মপুৰত এটা নিৰ্বাচনী ৰেলীক সম্বোধন কৰিব। দলৰ জ্যেষ্ঠ নেতা মুকুন্দ ৱাছনিক আৰু ৰাজ্যিক কংগ্ৰেছৰ নেতা শক্তিসিত গোহিলেও আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক