লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ কাইলৈ ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ ভোটগ্রহণ কৰা হ’ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত অউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ এহেজাৰ ১৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। দক্ষিণ আৰু মধ্য অসমৰ এই সমষ্টিকেইটাৰ বাবে ৬১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ হৈ ৰাজ্যখনৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা আৰু দিলীপ শ‍ইকীয়া নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আনহাতে কংগ্ৰেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে নগাঁও আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কালি অন্তিম দিনা ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হয়। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি ছত্তিশগড়ৰ অম্বিকাপুৰ চহৰ আৰু মধ্য প্ৰদেশৰ সাগৰ জিলাত প্ৰচাৰ চলায়। শ্ৰী মোদীয়ে ভূপালত এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰে। ৰোড শ্ব’ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু ভূপালৰ পৰা বিজেপি প্রার্থী আলোক শৰ্মাই প্রধানমন্ত্রীক সংগ দিয়ে। একেদৰে, বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি বিয়লি কেৰালাৰ আল্লাপুঝাত এখন নির্বাচনী সভাক সম্বোধন কৰে। আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি মহাৰাষ্ট্ৰৰ অমৰাৱতীত নির্বাচনী সভাত অংশ লয়। মহামিত্ৰজোঁটৰ নেতা আৰ জে ডি, কংগ্ৰেছ, বিকাশশীল ইনসান পাৰ্টি আৰু বাঁও দলসমূহেও দলীয় প্ৰাৰ্থীৰ হকে কালি প্ৰচাৰৰ অন্তিম দিনা ঠায়ে ঠায়ে নির্বাচনী সভাৰ আয়োজন কৰে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কালি উত্তৰ প্ৰদেশৰ মেইনপুৰী আৰু ইটাৱা জিলাত প্ৰচাৰ অভিযানত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক