লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত দেশৰ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৯ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলে তোষামোদ আৰু ভোটবেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ তুলিছে। ৰাজস্থানৰ টংক-ছৱাই মাধপুৰ সংসদীয় সমষ্টিৰ উনিয়াৰাত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ এইবুলি অভিযোগ কৰে যে কংগ্ৰেছ শাসনকালত ২০০৪ আৰু ২০১১ বৰ্ষত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ হ্ৰাস কৰা আৰু ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্ৰদানৰ চেষ্টা কৰা হৈছিল। তেওঁ লগতে কয় যে, কংগ্ৰেছে অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকত ধৰ্মৰ ভিত্তিত সংৰক্ষণ বিভাজনৰ ষড়যন্ত্ৰ কৰিছিল। কংগ্ৰেছে সংবিধানৰ ভাৱনাৰ সৈতে খেলা কৰা বুলি অভিযোগ তুলি শ্রীমোদীয়ে অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ অৱসান ঘটোৱা নহয় অথবা ধৰ্মৰ ভিত্তিত বিভাজনৰ অনুমতি প্ৰদান কৰা নহয় বুলি আশ্বাস প্ৰদান কৰে। প্রধানমন্ত্রীয়ে লগতে সর্বাধিক হাৰত ভোটদান কৰি গণতন্ত্ৰৰ ভেটি সৱল কৰি তুলিবলৈ ভোটদাতাসকলৰ প্ৰতি আহ্বান জনায়। দেশৰ বিভিন্ন অংশৰ লগতে উত্তৰ প্ৰদেশতো ৰাজনৈতিক গতিবিধি তীব্ৰতৰ হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি গৌতম বুদ্ধ নগৰ জিলাত প্ৰচাৰ চলায়। জিলাখনত এটা সমাবেশত ভাষণ দি শ্রীসিঙে কয় যে, পূৰ্বতে উত্তৰ প্ৰদেশৰ দুৰ্নীতিৰ কেন্দ্ৰ বুলি পৰিচিত নয়দা সম্প্ৰতি ৰাজ্যখনৰ ব্যৱসায়ৰ কেন্দ্ৰত পৰিণত হৈছে। সম্প্ৰতি উত্তৰ প্ৰদেশ আইন শৃংখলা, উন্নয়ন, বিনিয়োগ আৰু সুশাসনৰ বাবে জনজাত হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে, বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি পশ্চিম উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ বিয়লি বাগপট জিলাৰ বাৰাঅ’ত এলেকাতো এখন নির্বাচনী সভা সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক