লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যেৰে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বোত অংশগ্ৰহণ কৰিব। আনহাতে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ ছিং তিছ’ৰ হৈ প্ৰচাৰ চলায়। বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজানত আয়োজিত নির্বাচনী সভাত প্ৰচাৰ চলাই ড০ শৰ্মাই সমষ্টিটোত বিজেপি দলৰ জয়লাভৰ সম্পৰ্কত প্রবল আত্মবিশ্বাসী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইয়াৰ পাছত ড০ শৰ্মাই হাওৰাঘাট আৰু বৈঠালাংছত অন্য দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকায়ো ৰূপহী বিধানসভাৰ শিঙাৰি বজাৰত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱায়ো দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এ প্রার্থী দিলীপ শ‍ইকীয়াৰ হৈ জিলাখনৰ চাৰিখন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । ইফালে, ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি গোৱালপাৰাৰ ডুবাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ প্রতিদ্বন্দ্বী এ আই ইউ ডি এফ আৰু শাসকীয় পক্ষক তীব্র সমালোচনা কৰে। একেদৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও ৰূপহীহাটৰ বৰালিমাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক