লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ ৫ টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বোকাজান, হাওৰাঘাট আৰু পশ্চিম কাৰ্বি আংলৰ দংকামকামত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি এন ডি এৰ মনোনীত প্রার্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জ, বৰখলা, ধলাই আৰু হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নির্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে, মন্ত্রী পীযুষ হাজৰিকাই আজি লাহৰীঘাটৰ কচুতলীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। শ্ৰী হাজৰিকাই কালি ধিঙৰ সংঘ্যালঘু অধ্যুষিত অঞ্চলত দলীয় প্ৰাৰ্থীৰ হৈ চাৰিখন প্ৰচাৰ সভাত অংশ লয় । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়াই কালি তামুলপুৰ বিধানসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ কেইবাঠাইতো দলীয় প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তাৰ পাছত তেওঁ নগাঁৱৰ লাহৰীঘাটত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। শ্ৰী বৰাই আজি নগাঁও জিলাৰ ডুমডুমীয়া, লাউগাঁও আদি কেইবাঠাইতো ৰাজহুৱা সভাত ভাষণ দিব। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সৰ্বভাৰতীয় নেতা নাদিম জাভেদক লগত লৈ ৰহাৰ কচুৱাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ সৈতে কচুৱা তিনিআলিত এখন প্ৰচাৰ সভাত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক