লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এই পর্যায়ত অহা ৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। পূর্বে এইটো পর্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পর্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি ঘটোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্রাস পায়। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছটিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পর্যায়তে নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক