ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৬৪.৫-৮ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্রায় ৬৪.৫-৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭-১ শতাংশ, বিহাৰত ৫৮.১-৮ শতাংশ, ছত্তিশগড়ত ৭১.০-৬ শতাংশ, দাদৰা-নগৰ হাভেলি আৰু দমন-দিউত ৬৯.৮-৭ শতাংশ, গুজৰাটত ৫৮.৯-৮ শতাংশ, কর্ণাটকত ৭০.৪-১ শতাংশ, গোৱাত ৭৫.২-০ শতাংশ, মধ্যপ্ৰদেশত ৬৬.০-৫ শতাংশ, মহাৰাষ্ট্ৰত ৬১. ৪–৪ শতাংশ, উত্তৰ প্ৰদেশত ৫৭.৩-৪ শতাংশ আৰু পশ্চিমবংগত ৭৫.৭-৯ শতাংশ ভোটদান হয়। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, তৃতীয় পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১১টা, উত্তৰ প্ৰদেশৰ ১০টা, মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদৰা-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিক সাঙুৰি লোৱা হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ লগে লগে দেশৰ ২০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিলে ৷ তৃতীয় পৰ্যায়ত মুঠ এহেজাৰ ৩৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত- বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, মনসুখ মন্দাভিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰহ্লাদ যোশী, শিৱৰাজ সিং চৌহান, বাসৱৰাজ বোম্বাই, কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু অধীৰৰঞ্জন চৌধুৰী, সমাজবাদী প্ৰাৰ্থীৰ ডিম্পল যাদৱ, এন চি পি শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া সুলে অন্যতম। এই পর্যায়ত ২৩ খন দেশৰ ৭৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিয়ে নির্বাচনী প্রক্রিয়া প্ৰত্যক্ষ কৰাৰ বাবে ৬ খন ৰাজ্যৰ ভালেসংখ্যক ভোটগ্রহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। প্ৰতিনিধিসকলে লগতে নির্বাচনী সা-সামগ্ৰী আৰু আহিলাপাতি ভোটগ্রহণ কেন্দ্ৰলৈ লৈ যোৱাৰ প্ৰক্ৰিয়াও ওচৰৰ পৰা প্ৰত্যক্ষ কৰে। প্ৰতিনিধিসকলে ভোটগ্রহণ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু ভোটদাতাসকলৰ উৎসাহৰ ভূয়ষী প্ৰশংসা কৰে। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন হয়। ইয়াৰ ভিতৰত ছত্তিশগড়, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ বাওপন্থী উগ্রবাদ প্ৰভাৱিত এলেকাও আছে।

 

অধিক পঢ়ক

সকলো চাওক