লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহানগৰীৰ আজাৰাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। ইফালে, ভাৰতীয় জনতা পাৰ্টিৰ যুব মৰ্চাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। মুখ্যমন্ত্রী ড০ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ৰেলীটোত সাংসদ পল্লৱ লোচন দাস আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। আনহাতে, গুৱাহাটী লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা ভৱনলৈ এটা সমদল উলিওৱা হয়। এই সমদলত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্র সিং, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহু নেতা আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোত অসম গণ পৰিষদ দলেও গণেশগুৰিৰ পৰা আমবাৰীৰ মুখ্য কাৰ্যালয়লৈ এটা মটৰ চাইকেল সমদল উলিয়ায়। সমদলটোত দলটোৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তকে ধৰি দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নির্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰ অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে। ইফালে, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে বাক্সা জিলাৰ জালাহত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও বজালী জিলাৰ কেন্দুগুৰি বজাৰ এলেকাত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। চিৰাং জিলাত অন্তিম নির্বাচনী প্ৰচাৰৰ দিনটোত কোকৰাঝাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মন্ত্ৰী অশোক সিংহাল আৰু পীযূষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷আনহাতে, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়াৰ সমৰ্থনত বিজনীত দলীয় নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। মানকাচৰৰ তিনিটা পৃথক স্থানত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফেও নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে, ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ জিলাখনত এটা মটৰ চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। একেদৰে বিজেপি মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈও ধুবুৰী জিলা বিজেপি যুৱ মৰ্চাই এটা বাইক ৰেলী উলিয়ায়। চি পি আই এমৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত দলীয় সদস্যসকলে বৰপেটাস্থিত জিলা কাৰ্যালয়ৰ পৰা এটা সমদল উলিয়ায়। সমদলটোৱে সমগ্ৰ বৰপেটা চহৰ গীত-মাত শ্লোগানেৰে মুখৰিত কৰি পৰিভ্ৰমণ কৰে। একেদৰে অগপ আৰু কংগ্ৰেছেও সমদল উলিয়াই বৰপেটা চহৰৰ পাৰ্শ্বৱৰ্ত্তী স্থানবোৰ পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিশেষ মাত্ৰা প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক