লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে অহা ৭ মে’ত ভোটগ্ৰহণ কৰা হ’ব। পূর্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও মধ্য প্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনাপ্রতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হবলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পায়। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ ৷ উল্লেখযোগ্য যে, প্রথম পৰ্যায়ত ১৯ এপ্ৰিলত দেশৰ ১০২টা সমষ্টিত আৰু দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৮৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হৈছিল। আনহাতে, প্রথম পৰ্যায়ত ১,৬২৫ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ১,১৯৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮, মহাৰাষ্ট্ৰৰ ১১, উত্তৰ প্ৰদেশৰ ১০, পশ্চিমবংগৰ ৪ তথা গোৱা, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ দুখনকৈ আসনৰ বাবে ভোটগ্রহণ কৰা হ’ব। এইটো পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যকে ধৰি দেশৰ ১৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলী, আৰু দমন আৰু দিউৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সামৰণি পৰিব।
Site Admin | May 5, 2024 1:01 PM | 3rd Phase Election