লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। এই পৰ্যায়ত ৰাজ্যত ৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। চাৰিওটা সমষ্টিতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। আজি বিয়লি ৫ বজাৰ লগে লগে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত প্ৰচাৰ অভিযানৰ অন্ত পৰিব। অহা ৭ মে’ত এই সমষ্টিকেইটাত ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটা সমষ্টিৰ অগপ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ বঙাইগাঁৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাত ড০ শৰ্মাই কয় যে, প্রধানমন্ত্ৰীৰ উদ্যোগত ৰাজ্যৰ উগ্ৰপন্থী সমস্যাৰ সমাধান হৈছে আৰু যোৱা ৩ বছৰত ৰাজ্যখনত উগ্ৰপন্থী সংগঠনে কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰা নাই। চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ সকলোকে আহ্বান জনায়। ড০ শৰ্মাই বৰপেটা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাৰ চামতা বালিপথাৰতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ কালি মহানগৰৰ ফাঁচীবজাৰ আৰু চানমাৰিত বৃহৎ জন সমাবেশত প্ৰচাৰ চলায়। সমষ্টিটোৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত কালি নাগৰিক সমাজৰ উদ্যোগত মহানগৰৰ চানমাৰিৰ পূব গুৱাহাটী হাইস্কুল খেলপথাৰত এখন জনসভা অনুষ্ঠিত হয়। বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰা সভাই গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত জনসাধাৰণক বিবেক ভোট দিবলৈ আহ্বান জনায়। কংগ্ৰেছ প্রার্থীগৰাকীৰ সমৰ্থনত কালি কংগ্ৰেছৰ নেতা-কৰ্মীয়ে সমষ্টিটোৰ ক্ষেত্ৰীৰ পৰা সোণাপুৰলৈ মটৰচাইকেল সমদল উলিয়ায়। অসম জাতীয় পৰিষদৰ নেতা তথা ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কালি কামৰূপ জিলাৰ গৰৈমাৰীত অনুষ্ঠিত কংগ্ৰেছৰ জনসভাত অংশগ্ৰহণ কৰি বিজেপিক তীব্র সমালোচনা কৰে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্রার্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ গৌৰীপুৰ, সাপর্টগ্ৰামত প্ৰচাৰ চলায়। জাৱেদ ইছলামৰ সমৰ্থনত কালি গোৱালপাৰা নগৰত বৃহৎ বাইক সমদল উলিওৱা হয়। ইপিনে এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমলৰ সমৰ্থনত দলটোৰ নেতা তথা বিধায়ক আমিনুল ইছলামে এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত মানকাচৰৰ বিধায়কগৰাকীয়ে শাসকীয় বিজেপিৰ লগতে কংগ্ৰেছক সংখ্যালঘু স্থিতি লোৱা বুলি তীব্র সমালোচনা কৰে। প্ৰাৰ্থী আজমলে কালি বৰপেটা জিলাৰ মন্দিয়াত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয় যে, কংগ্ৰেছে সংখ্যালঘু ৰাইজক সদায় ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে। কোকৰাঝাৰ লোকসভা সমষ্টিতো কালি বিভিন্ন দলৰ নেতাই প্ৰচাৰ চলায়। ছিদলী-চিৰাং বিধানসভা সমষ্টিৰ নিলিবাৰীত বিজেপি নেতা তথা মন্ত্রী পীযূষ হাজৰিকাই এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ জনসভাত অংশগ্ৰহণ কৰে। এন ডি এক ভোট দিয়াৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ লগতে বিটিচিত ১৭ বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰীক তীব্র সমালোচনা কৰে। শ্ৰীহাজৰিকাই কালি বাক্সা জিলাৰ চৰাইমাৰিতো জয়ন্ত বসুমতাৰীৰ সমৰ্থনত প্ৰচাৰ চলায়। বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়ো আৰু সাংসদ ৰনগৌৰা নাৰ্জাৰীও কালি জয়ন্ত বসুমতাৰীৰ হৈ চিৰাং দুৱাৰত প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীৰ হৈ বিজেপি নেতা তথা মন্ত্রী অশোক সিংঘলে গোসাঁইগাঁৱত প্ৰচাৰ চলায় ৷ চি পি আই এমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে কালি বৰপেটা লোকসভা সমষ্টিৰ দলীয় প্রার্থী মনোৰঞ্জন তালুকদাৰৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সৰভোগ ষ্টেডিয়ামত অনুষ্ঠিত সভাত শ্ৰীয়েছুৰীয়ে কয় যে, বিজেপিয়ে ক্ষমতাত থাকি সমগ্ৰ দেশৰ পৰিস্থিতি অস্থিৰ কৰি তুলিছে। মূল্যবৃদ্ধিয়ে দৰিদ্ৰ জনতাক জীয়াতু ভোগাইছে বুলি উল্লেখ কৰি শ্ৰীয়েছুৰীয়ে বিজেপিৰ কুশাসনৰ পৰা দেশক মুক্ত কৰাৰ বাবে নির্বাচনী প্রধান অস্ত্র বুলি মন্তব্য দিয়ে।

অধিক পঢ়ক

সকলো চাওক