লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন। এই উপলক্ষে ঘাই ঘাই দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিহাৰৰ দৰভাংগাত আজি এখন নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন চৰকাৰসমূহে বিহাৰৰ ভৱিষ্যত ধ্বংস কৰা বুলি অভিযোগ তোলে । শ্রী মোদীয়ে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আৰ জে ডি নেতা তেজস্বী প্রসাদ যাদৱে আগবঢ়োৱা কামৰ খতিয়ানৰ ৰিপ’ৰ্ট কার্ডে তেওঁলোকৰ পূৰ্বৰ চৰকাৰসমূহৰ দুৰ্নীতি আৰু আইন-শৃংখলাবিহীন পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়ে। শ্রীমোদীয়ে কয় যে আৰ জে ডিৰ শাসনকালত অপহৰণ এটা উদ্যোগ আছিল আৰু ৰাজহুৱা ধন লুণ্ঠন কৰা হৈছিল। আৰ জে ডিৰ মুৰববী লালুপ্রসাদ যাদৱক সমালোচনা কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁ ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ সৈতে জড়িত বুলি অভিযোগ তোলে। শ্ৰী মোদীয়ে লগতে তেওঁৰ তৃতীয়টো কাৰ্যকালত ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকক বিনা চৰ্তে আয়ুস্মান ভাৰতৰ সুবিধা প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে কংগ্ৰেছ আৰু আই এন ডি আই মিত্ৰজোঁটৰ মুছলিমসকললৈ ধৰ্মভিত্তিক সংৰক্ষণৰ সুবিধা আগবঢ়োৱাৰ অসাধু অভিপ্ৰায় আছে। তেওঁ কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু বাবাচাহেব আম্বেদকাৰে এই অৱধাৰণাৰ বিৰোধিতা কৰিছিল যদিও স্বাধীনতাৰ ৭৫ বছৰ পাছত বিৰোধী দলটোৱে দুখীয়া, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে থকা সংৰক্ষণৰ বিনিময়ত ইয়াক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে ঝাৰখণ্ডৰ পলামু আৰু গুমলা জিলাত নির্বাচনী সভাত অংশ লয়। শ্রী মোদীয়ে কয় যে এন ডি এ চৰকাৰৰ শাসনকালত বিগত ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। তেওঁ লগতে সমগ্ৰ দেশত ৰূপায়ণ হৈ থকা বিনামূলীয়া খাদ্য সামগ্রী যোগান আঁচনিখন পৰৱৰ্তী ৫ বছৰলৈ অব্যাহত থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ কয় যে পৃথিৱীৰ কোনো শক্তিয়ে দুখীয়া জনসাধাৰণলৈ বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ব্যৱস্থা বন্ধ কৰিব নোৱাৰে আৰু এয়া মোদীৰ প্ৰতিশ্ৰুতি । প্ৰধানমন্ত্রীয়ে কয় যে বৰ্তমানলৈকে তেওঁৰ বিৰুদ্ধে দুর্নীতি আৰু কেলেংকাৰীৰ এটাও অভিযোগ নাই । ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ ছোটা উদয়পুৰ আৰু ৱান্‌ডাত প্ৰচাৰ চলায়। শ্ৰী শ্বাহে কয় যে সংৰক্ষণ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ আৰু বিজেপি ক্ষমতাত থকালৈকে এই অধিকাৰ অক্ষুণ্ণ থাকিব। ৱান্‌ডাত শ্ৰী শ্বাহে কয় যে বিজেপি সমাজৰ সকলো শ্ৰেণীৰ উন্নয়নৰ বাবে বদ্ধপৰিকৰ। তেওঁ কয় যে বিজেপিৰ শাসনকালত এটি সাধাৰণ জনজাতীয় পৰিয়ালৰ এগৰাকী মহিলাই দেশত ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছে। তেওঁ লগতে জনজাতীয় লোকসকলক বিপথে পৰিচালিত কৰাৰ বাবে আৰু দেশত সংৰক্ষণ ব্যৱস্থাৰ ভৱিষ্যত সম্পর্কে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছ দলক তীব্র সমালোচনা কৰে। ছোটা উদয়পুৰত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰী শ্বাহে কংগ্ৰেছৰ অভিযোগ নুই কৰে আৰু বিজেপি চৰকাৰ সদায় দুখীয়া আৰু উপান্ত শ্ৰেণীসমূহৰ কল্যাণ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলি জনসাধাৰণক আশ্বাস প্ৰদান কৰে। ইফালে, বহুজন সমাজ পাৰ্টীৰ সভানেত্ৰী মায়াৱতীয়ে আজি উত্তৰ প্ৰদেশৰ আগ্ৰাত আগ্রা লোকসভা সমষ্টিৰ দলীয় প্রার্থী পূজা আমৰোহিৰ হকে প্ৰচাৰ চলায়। আগ্ৰাত নির্বাচনী সভাক সম্বোধন কৰি শ্ৰী মতী মায়াৱতীয়ে বর্ধিত মুদ্রাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে জনসাধাৰণ জীয়াতু ভূগিবলগীয়া হৈছে বুলি অভিযোগ তোলে। বিজেপিৰ ভুল অর্থনৈতিক নীতিৰ বাবে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকল বেয়াকৈ প্ৰভাৱিত হৈছে বুলিও বহুজন সমাজ পাৰ্টীৰ নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে দেশৰ প্ৰতিজন লোককে কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰিহে দৰিদ্ৰতা দূৰ কৰিব পৰা যাব। তেওঁ লগতে কংগ্ৰেছ আৰু বিজেপি উভয়ে অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ বিৰোধী বুলি অভিযোগ কৰে । আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্যনাথে মধ্য প্ৰদেশৰ অশোক নগৰত প্ৰচাৰ চলাই কয় যে বৰ্তমানৰ ভাৰত এখন নতুন ভাৰত আৰু সকলোৱে মোদী চৰকাৰ পুনৰ ক্ষমতালৈ অহাটো কামনা কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায় ৷ নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত অসমত উগ্রবাদী সমস্যাৰ সমাধান হোৱাত ৰাজ্যখনত বিগত ৩টা বছৰত কোনোধৰণৰ হিসাংত্মক ঘটনা সংঘটিত হোৱা নাই । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ছিদলী-চিৰাঙৰ নিলিবাৰীত এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে বিৰোধী দল কংগ্ৰেছৰ লগতে বিটিচিত ১৭ বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালৰ তীব্ৰ সমালোচনা কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু সাংসদ ৰনগৌৰা নাৰ্জাৰীয়েও আজি কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ চিৰাং দুৱাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বৰপেটা লোকসভা সমষ্টিৰ চি পি এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ আজি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে নির্বাচনী প্ৰচাৰ চলায়। সৰভোগ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰচাৰ সভাখনত য়েছুৰীয়ে শাসনপক্ষক সমালোচনা কৰি বিজেপিৰ শাসনত সমগ্ৰ দেশতে অস্থিৰ পৰিবেশ বিৰাজ কৰিছে বুলি দাবী কৰে। ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ অসম নাগৰিক সমাজে আজি বিয়লি চানমাৰিৰ পূব গুৱাহাটী হাইস্কুল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলায়। সাংসদ অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰা প্ৰচাৰ সভাখনত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত থাকে । সভাখনত গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত জনসাধাৰণক বিবেক ভোট দিবলৈ আহ্বান জনায়। ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ সমৰ্থনত আজি গোৱালপাৰা চহৰত এটা বাইক ৰেলী উলিওৱা হয়। গোৱালতুলি, বলধমাৰী খেলপথাৰৰ পৰা উলিওৱা বাইক ৰেলীটোৱে গোৱালপাৰা চহৰৰ ১৯টা ৱাৰ্ড পৰিভ্ৰমণ কৰে। বৰপেটা জিলাৰ মন্দিয়াত আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলক তীব্র সমালোচনা কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে দলটোৱে সংখ্যালঘু সকলক কেৱল ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক