লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণলৈ মাজত ৫টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে।  বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেগৰাকী প্ৰাৰ্থীৰ হৈ হাজোৰ কুলহাটীত প্ৰচাৰ চলায়। পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমর্থিত প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। একেগৰাকী প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই জিলাখনৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটাত নির্বাচনী প্ৰচাৰ চলায়। লাবদাংগুৰিত অনুষ্ঠিত নির্বাচনী সভাতো তেওঁ অংশ লয়। বৰপেটাৰ সৰভোগত বিজেপি নেতা তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। অগপ নেতা তথা মন্ত্রী অতুল বৰা আৰু কেশৱ মহন্তই জিলাখনৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খণ্ডকাৰপাৰা আৰু ভক্তবাত আয়োজিত নির্বাচনী সভাত অংশ লয়। তেওঁলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। ইপিনে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে গুৱাহাটী মহানগৰীৰ নুনমাটিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। আনহাতে ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফ প্রার্থী বদৰুদ্দিন আজমলে বিলাসীপাৰাত প্ৰচাৰ চলায়। বিধায়ক ছামছুল হুদা, কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে এই নির্বাচনী সভাত অংশ লয়। একেদৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৰপেটাৰ হাউলিত কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্রার্থী খাম্ফা বৰ্গয়াৰীৰ হৈ প্ৰচাৰ চলায়। ইপিনে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াই এখন প্ৰেছ বিজ্ঞপ্তিযোগে মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ ৰাজ্যৰ সংখ্যালঘু লোকসকললৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক