লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৰাজ্যৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণৰ প্ৰস্তুতি ক্ৰমাৎ তীব্ৰ

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতিয়ে ক্ৰমাৎ তীব্ৰতা লাভ কৰিছে। এইটো পৰ্যায়ত অহা ৭ মে’ত ৰাজ্যৰ চাৰিটা সমষ্টি গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ভোটগ্ৰহণ কৰা হ’ব। এই চাৰিটা সমষ্টিত বর্তমান বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নেতা-কৰ্মীসকলে প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন আকৰ্ষণৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ মনোনীত প্রার্থী বিজুলী কলিতা মেধিৰ হৈ ঠায়ে ঠায়ে প্ৰচাৰ চলাব। আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও আজি কামৰূপ জিলাৰ বকো আৰু ছয়গাঁৱত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাইও আজি এন ডি প্ৰাৰ্থীসকলৰ হকে ভিন ভিন স্থানত প্ৰচাৰ চলাব ৷ ইপিনে, কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধী ভাদ্ৰাই আজি ধুবুৰী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। আনহাতে, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আজি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ গুৱাহাটীত প্ৰচাৰ চলাব ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত মুঠ ৮১ লাখ ৪৯ হাজাৰ ৯১ গৰাকী ভোটদাতাই ভোটদান কৰাৰ সুযোগ লাভ কৰিব। ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৯,৫১৬টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। ভোটদানৰ হাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নির্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন সমষ্টিত ভোটদাতাক আকৰ্ষণ কৰাৰ উদ্দেশ্যে আদর্শ ভোটকেন্দ্র স্থাপনকে ধৰি ভালেমান পদক্ষেপ লোৱা হৈছে। অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰাত ৪০টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰা কৰিছে। একেদৰে দ্বিতীয় পর্যায়ত ৬৬.৯৯ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৪২ শতাংশ মহিলা ভোটদাতা আৰু ২৩.৮৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক