ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে শাসক-বিৰোধীৰ  প্ৰচাৰ অভিযান অব্যাহত

লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্রগতিত অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী জনসভাত সম্বোধন কৰি ড° শৰ্মাই কয় যে, বিজেপি আৰু ইউ পি পি এলৰ সন্মিলিত প্রচেষ্টাত বিটিআৰত শান্তিৰ পৰিবেশ বিৰাজ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উন্নয়ন সম্ভৱপৰ হৈছে বুলিও ড° শৰ্মাই দাবী কৰে। বাওখুংগ্ৰী আৰু পাৰ্বতীঝোৰাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বাধীন দ্বৈত ইঞ্জিন চৰকাৰৰ মহিলা সবলীকৰণৰ ফলপ্ৰসূ আঁচনিসমূহৰ দ্বাৰা অসমৰ নাৰী শক্তি উদ্বুদ্ধ হৈছে বুলি দাবী কৰে। ড° শৰ্মাই সমবেতসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান জনায়। ইফালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি বশিষ্ঠ, বতাহঘূলি, পাঞ্জাবাৰী, সোণাপুৰ, দক্ষিণগাঁও আৰু কাহিলিপাৰাকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত শ্ৰীমেধিয়ে বশিষ্ঠৰ পাটৰকুচিত এখন নির্বাচনী প্ৰচাৰ সভাত ভাষণ দি নিৰ্বাচনত জয়লাভ কৰিলে বিজেপি চৰকাৰৰ তত্বাৱধানত উন্নয়নমূলক আঁচনিসমূহৰ কাম সুচাৰুৰূপে চলাই নিব বুলি প্রতিশ্রুতি দিয়ে । বিয়লিৰ ভাগত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহন, অজন্তা নেওগ আৰু বিমল বৰাই মহানগৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰ অভিযানত শাসকপক্ষক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণক বিবেক ভোট দিবলৈ আহ্বান জনায়। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে নলবাৰীত বাইক ৰেলীৰ লগতে বিভিন্ন স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। আনহাতে সমষ্টিটোৰ এছ ইউ চি আইৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসে নির্বাচনী প্ৰচাৰ অভিযানত সৰু পথ সভাৰে ভোটাৰৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে। সমাজ পৰিৱৰ্তন আৰু শ্ৰমজীৱী মানুহৰ অভাৱ-অভিযোগ তথা সমস্যাৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা প্ৰাৰ্থীগৰাকীয়ে শাসকপক্ষক সমালোচনা কৰে।

ধুবুৰী লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে আজি সমষ্টিটোৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেল্টাঘাটত এখন নির্বাচনী সভা অনুষ্ঠিত কৰে। সভাত প্ৰাৰ্থীৰ্গৰাকীয়ে প্ৰতিদ্বন্দ্বীসকলক সমালোচনা কৰি তেওঁ বিগত তিনিটা কাৰ্যকালত কৰি অহা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। ইফালে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী জিলাৰ চুনাতি এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত বিৰোধী প্রার্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক