লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত প্রায় ৬৭.৭১ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত কালি প্রায় ৬৭.৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি লোৱা হয়। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি চতুৰ্থ পৰ্যায়ত বিহাৰত ৫৭.০২, জম্মু কাশ্মীৰত ৩৭.৯৮, ঝাৰখণ্ডত ৬৫.৩১, মধ্যপ্রদেশত ৭০.৯৮, মহাৰাষ্ট্ৰত ৫৯.৬৪, ওড়িশাত ৭৩.৯৭, তেলেংগানাত ৬৪.৯৩, উত্তৰ প্ৰদেশত ৫৮.০৫, পশ্চিমবংগত ৭৮.৪৪ শতাংশ ভোটদান হয়। ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে এই পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ইভিএমত বন্দী হয়। নির্বাচন আয়োগে কালি ভোটগ্রহণ প্রায় শান্তিপূর্ণভাৱে সম্পন্ন হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে, দুর্ভাগ্যজনক ঘটনাক্ৰমত তেলেংগানাৰ চম্পাপেটত কালি নির্বাচনী কর্তব্য সম্পাদনৰ সময়ত এগৰাকী নিৰ্বাচনী বিষয়াৰ দেহাৱসান ঘটে। আয়োগে এই সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তেলেংগানাৰ মুখ্য নির্বাচনী বিষয়াৰ দেহাৱসান ঘটা নিৰ্বাচনী বিষয়াগৰাকীৰ পৰিয়ালক ততালিকে এককালীন সাহায্য প্ৰদান কৰিব নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক