লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। নির্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত ১৭টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৬টা সমষ্টিক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্রহণ কৰা হ’ব। এই পৰ্যায়ত ১৭ কোটি ৭০ লাখৰো অধিক ভোটদাতাই এহেজাৰ ৭১৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। চতুর্থ পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং, অর্জুন মুণ্ডা, জি কিষাণ ৰেড্ডী, অজয় কুমাৰ মিশ্র, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধিৰৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্র, শত্রুঘ্ন সিনহা আৰু এ আই এ এমৰ আছাদুদ্দিন ওৱেছি অন্যতম। চতুর্থ পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ১ লাখ ৯২ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত ১৯ লাখৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে আজি ভোটগ্রহণ হোৱা ঠাই সমূহৰ তাপমাত্রা স্বাভাৱিক অথবা স্বাভাৱিতকৈ কম হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নির্বাচন আয়োগে ভোটদাতাসকলৰ সুবিধার্থে খোৱাপানী, জিৰণিস্থল, শৌচালয়, হুইলচেয়াৰ, বিদ্যুৎ আৰু ৰেম্পৰ লেখীয়া সকলো ধৰণৰ ব্যৱস্থা কৰিছে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে আজি অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবেও ভোটগ্রহণ অনুষ্ঠিত হৈছে।
Site Admin | May 13, 2024 10:45 AM | 4th Phase Election