ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত  ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলায়। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি ওড়িশাৰ বৰগঢ়ত এখন নির্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে, কংগ্ৰেছে দেশৰ সংবিধান সলনি কৰিব বিচাৰে। কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্ৰদান কৰা সংৰক্ষণ বন্ধ কৰি দলৰ ভোটবেংকৰূপে পৰিচিত লোকসমূহক প্ৰদান কৰিব বিচাৰে বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰববী নবীন পাটনায়কক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে, ওড়িশা চৰকাৰ বাহিৰৰ লোকৰ দ্বাৰা পৰিচালিত হৈ আহিছে। শ্রীপাটনায়কক বাহিৰৰ ৰাস্তা দেখুৱাৰ সময় আহি পৰিছে বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক