লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া চতুর্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ ১,৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ভিতৰত ২৮ খনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ প্ৰায় ১ লাখ ৯২ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত ১৯ লাখৰো অধিক পুলিং বিষয়া নিয়োগ কৰা হৈছে। কাইলৈ ৮ কোটি ৯৭ লাখ পুৰুষ আৰু ৮ কোটি ৮৩ লাখ মহিলাকে ধৰি ১৭ কোটি ৭০ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে চতুর্থ পৰ্যায়ত কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেতা গিৰিৰাজ সিং, অর্জুন মুণ্ডা, জি কিষান ৰেড্ডী, অজয় কুমাৰ মিশু, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধিৰৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ আৰু শত্ৰুঘ্ন সিনহা আৰু এ আই এ এমৰ আছাদুদ্দিন অ’ৱেছিৰ ৰাজনৈতিক ভাগ্য ই ভি এম বন্দী হ’ব। নির্বাচন আয়োগে প্রকাশ কৰা মতে তেলেংগানাৰ ১৭টা সংসদীয় সমষ্টিৰ ঠাই বিশেষত, ভোটাদাতাৰ অংশগ্রহণ বৃদ্ধিৰ বাবে ভোটগ্রহণ সময় বৃদ্ধি কৰা হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে, কাইলৈ ভোটগ্রহণ হ’বলগীয়া ঠাইসমূহত তাপমাত্রা স্বাভাৱিক হৈ থকাৰ লগতে কোনো অংশতে গ্ৰীষ্মপ্ৰবাহৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয় বুলি প্ৰকাশ কৰিছে। অৱশ্যে ভোটদাতাৰ সুবিধার্থে নির্বাচন আয়োগে ভোটগ্রহণ কেন্দ্ৰসমূহত পানী, প্ৰস্ৰাৱগাৰ, হুইল চেয়াৰ আৰু বিদ্যুতৰ ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, ইতিমধ্যে লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ত দেশৰ ২৮৩টা সংসদীয় সমষ্টিত শান্তিপূর্ণভাৱে ভোটগ্রহণ সম্পন্ন হৈছে।

অধিক পঢ়ক

সকলো চাওক