লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ’ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নির্বাচন আয়োগৰ ৱেবচাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ’ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে’ ষ্ট’ৰ অথবা এপল প্লে’ ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটার্ণিং বিষয়া আৰু কাউন্টিং এজেন্টসকলৰ বাবে ইয়াৰ ৱেবচাইটত এখন হাতপুঁথিও প্ৰকাশ কৰিছে। ইফালে, কাইলৈ হ’বললগীয়া ভোটগণনাৰ বাবে অসমত ৫২টা কেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে ডাক বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়ম কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা ৮ বজাত ডাক বেলট গণনা আৰম্ভ হ’ব আৰু ৩০ মিনিট পাছত ইভিএম মুকলি কৰা হ’ব। এই স্থানসমূহত ডাক বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, ৰাজ্যৰ বাকী জিলাসমূহত ডাক বেলট পেপাৰ গণনা কৰা নহয়। সেই ঠাইসমূহত পুৱা ৮ বজাৰ পৰা ইভিএমৰে গণনা আৰম্ভ হ’ব। দুপৰীয়া ২ বজালৈ ভোটগণনাৰ স্থিতি স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি ভোটগণনা সম্পন্ন কৰিবলৈ ৬৪ জন সাধাৰণ পৰ্যবেক্ষকক প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যখনত সৰ্বমুঠ ১ লাখ ২৮ হাজাৰ ২৯৯টা পোষ্টেল বেলট প্ৰদান কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিয়ে সর্বাধিক ডাক বেলট লাভ কৰা বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক