লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ

ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুমকাৰ সাৰৰ্থত এখন নির্বাচনী সভাত ভাষণ দি আই এন ডি আই মিত্রজোট দুৰ্নীতিগ্ৰস্ত নেতাৰ মিত্ৰজোটৰ বাহিৰে আন একোৱেই নহয় বুলি মন্তব্য কৰে। আই এন ডি আই মিত্ৰজোট আৰু ইয়াৰ মিত্ৰ দলসমূহৰ সকলো নেতাই দুর্নীতিগ্রস্ত আৰু বিভিন্ন কেলেংকাৰীত জড়িত বুলি বিজেপিৰ সভাপতিগৰাকীয়ে অভিযোগ তোলে। তেওঁ কয় যে, ৰাহুল গান্ধী, ছোনীয়া গান্ধী, পি চিদাম্বৰম, কার্তি চিদাম্বরম, অৰবিন্দ কেজৰিৱাল আৰু লালু প্রসাদ যাদৱকে ধৰি আই এন ডি আই মিত্ৰজোটৰ কেইবাগৰাকীও আগশাৰীৰ নেতা জামিনত আছে আৰু মনিষ ছিছোদিয়া, সত্যেন্দ্ৰ জৈন, আজম খান আৰু তৃণমূল কংগ্ৰেছ তথা ডি এম কেৰ কেইবাগৰাকীও নেতা কাৰাবান্দী হৈ আছে। কংগ্ৰেছে ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্রদান কৰিব খোজা বুলি অভিযোগ তুলি শ্রীনাড্ডাই কয় যে বি আৰ আম্বেদকাৰে ধৰ্ম নহয় বৰং কোনো স্থানৰ ভৌগলিক অৱস্থিতি আৰু সামাজিক স্থিতিৰ ভিত্তিত সংৰক্ষণ প্ৰদানৰ পোষকতা কৰিছিল। বিহাৰতো সপ্তম পৰ্যায়ৰ নিৰ্বাচনত প্ৰচাৰ তুংগত উঠিছে। এন ডি এ, মহামিত্ৰজোঁট আৰু অন্য ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি কাবাকাট সংসদীয় সমষ্টিত বিক্ৰমগঞ্জত দলৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে, দহ বছৰৰ পিছত কংগ্ৰেছ দল দেশৰ পৰা বিলুপ্ত হ’ব আৰু দলটোৰ বিলুপ্তিৰ ক্ষণ গণনা ইতিমধ্যে আৰম্ভ হৈছে। তেঁও কয় যে, কংগ্ৰেছে ৫২ বছৰৰো অধিক সময় ধৰি শাসনত থকা সত্বেও ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাত ব্যৰ্থ হৈছে। আৰ জে দিও দলৰ নিৰ্বাচনী প্রতীক লণ্ঠনৰ দৰে বিস্মৃতিত পৰিণত হব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেঁও কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ক্ষেত্ৰতে দেশক উন্নতিৰ নতুন শিখৰলৈ লৈ গৈছে। তেওঁ কয যে, এন ডি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত গ্রহণ কৰা উদ্যমসমূহ তৃতীয়টো কাৰ্যকালত সম্প্ৰসাৰণ কৰা হ’ব আৰু জাতি-ধর্ম, শ্রেণী নির্বিশেষে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকে আয়ুষ্মান ভাৰত আঁচনিৰ উপকাৰ লাভ কৰিব। ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি উত্তৰ প্ৰদেশত ৪ খন নির্বাচনী সভা আৰু এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। মহাৰাজগঞ্জত প্ৰথমখন নির্বাচনী সভাত ভাষণ দি শ্ৰীশ্বাহে প্রথম ৫ টা পর্যায়তে বিজেপিয়ে ৩শৰো অধিক আসন লাভ কৰিব বুলি আৰু ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ অন্তত দলৰ আসনৰ সংখ্যা ৪০০ ৰো অধিক হ’ব বুলি দাবী কৰে। সোনভদ্রাত আন ৩ খন সভাত ভাগ লয়। গাজীপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্য নাথে আজি কুশীনগৰত এটা সমাবেশক সম্বোধন কৰে। বিজেপিৰহে দেশৰ সীমান্ত সুৰক্ষিত ৰখাৰ সামৰ্থ আছে। তেওঁ দেওৰীয়া, বলিয়া, একেদৰে উত্তৰ প্ৰদেশৰ তেওঁ কয় যে একমাত্র ৰাষ্ট্ৰীয় শোষিত সমাজ পাৰ্টীৰ নেতা তথা প্রাক্তন মন্ত্রী স্বামী প্রসাদ মৌর্য্যইও আজি কুশীনগৰত প্ৰচাৰ চলায়। তেওঁ সমষ্টিটোৰ পৰা নৱগঠিত দলটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰবী অখিলেশ যাদৱে আজি লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ সমান্তৰালভাবে উপ নির্বাচন হবলগীয়া দুধি বিধানসভা সমষ্টিত প্ৰচাৰত ভাগ লয়। পাছত তেওঁ ৰোবাৰ্টছ্‌গঞ্জ আৰু মির্জাপুৰ লোকসভা সমষ্টিত দলৰ হকে প্ৰচাৰ চলায়। অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱে কুশীনগৰত এটা ৰোড শ্ব’ত ভাগ লয়। ইপিনে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি পাঞ্জাবৰ লুধিয়ানাত এখন নির্বাচনী সভাত ভাষণ দি ৰাজ্যখন মাদক দ্ৰব্যৰ সমস্যাৰ সন্মুখীন হোৱা বুলি আৰু এই সমস্যা দিনক দিনে বৃদ্ধি পোৱা বুলি মন্তব্য কৰে। বিষয়টোৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতা আছে বুলি তেওঁ উল্লেখ কৰে। কৃষকসকলক ন্যূনতম সমর্থন মূল্য ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয় যে, খেতিয়কসকলৰ ঋণসমূহ মাফ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক