লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি পাঞ্জাবৰ গুৰদাসপুৰ আৰু জলন্ধৰত দুটাকৈ নিৰ্বাচনী ৰেলীত অংশগ্রহণ কৰিব। আনহাতে, কংগ্ৰেছ নেতা শচীন পাইলটে আজি শ্ৰীআনন্দপুৰ চাহিব লোকসভা সমষ্টিত প্ৰচাৰ চলাব। বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াবতীয়েও আজি পাঞ্জাবৰ নৱনছেহৰ চহৰত প্ৰচাৰ অভিযানত ভাগ ল’ব। ইপিনে, হিমাচল প্ৰদেশত অহা ১ জুনত হ’বলগীয়া সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ লগতে ছটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনত বিজেপি আৰু কংগ্ৰেছৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰোড শ্ব, ৰেলী আদিকে ধৰি বিভিন্ন ধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে আজি নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে হিমাচল প্ৰদেশলৈ যাব। তেওঁ চিৰমৌৰ জিলাৰ নাহানৰ চৌগান গ্ৰাউণ্ডত বিজেপিৰ বিজয় সংকল্প ৰেলীক সম্বোধন কৰিব। আনহাতে, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কাইলৈ ছিমলাৰ ৰোহৰুত প্ৰচাৰ অভিযানত ভাগ ল’ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কাইলৈ ছিমলাৰ নাহানত এটা ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে দেওবাৰে হামিৰপুৰ সংসদীয় সমষ্টিৰ উনাত প্ৰচাৰ অভিযানত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক