ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ অন্তিম দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্ত্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত সামৰি ল’বলগীয়া সমষ্টিসমূহত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। ২৫ মে’ত আৰু ১ জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰানসীত মহিলাসকলৰ এটা সমাবেশত অংশ লৈ কয় যে আই এন ডি আই মিত্ৰজোঁট মহিলা বিৰোধী আৰু তেওঁলোকে মহিলাৰ সংৰক্ষণৰ বিৰোধিতা কৰে। উত্তৰ প্ৰদেশৰ মহিলাসকলৰ সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ শাসন কালত সুৰক্ষিত নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্যখনৰ মহিলাসকল সুৰক্ষিত আৰু নিৰাপদ অনুভৱ কৰিবলৈ লৈছে। সম্পূর্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃ শক্তি সন্মিলনত গৃহিণী, চিকিৎসক, শিক্ষক-শিক্ষয়িত্ৰী, ব্যৱসায়ী, অধিবক্তা আৰু খেলুৱৈৰ সৈতে মত-বিনিময় কৰি শ্ৰীমোডীয়ে কয় যে বিগত ৬০ বছৰত কোনো চৰকাৰে মহিলাৰ বিষয়ে চিন্তা কৰা নাছিল যদিও বৰ্তমানৰ চৰকাৰে মহিলাসকলক গুৰুত্ব আৰোপ কৰি নীতি প্ৰস্তুত কৰাই নহয় বৰং তেওঁলোকক সংৰক্ষণো প্ৰদান কৰিছে। ইয়াৰ আগেয়ে প্ৰয়াগৰাজত এটা ৰাজনৈতিক সমাবেশত ভাষণ দি শ্রীমডীয়ে বহুজন সমাজ পাৰ্টী আৰু সমাজবাদী পাৰ্টীয়ে অপৰাধী শক্তিসমূহক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ তোলে। প্রধানমন্ত্রীয়ে উত্তৰ প্ৰদেশত আজি আন দুখন নির্বাচনী সভাত ভাগ ল’ব । আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কালি চণ্ডীগড়ত এখন সংবাদ মেল সম্বোধন কৰে। তেওঁ কয় যে হাৰিয়ানা আৰু পাঞ্জাবক যথেষ্ট সমৃদ্ধিশালী বুলি গণ্য কৰা হয় যদিও ৰাজ্য দুখনত কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতি এতিয়াও চৰম পৰ্যায়ত আছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কালি তৃণমূল কংগ্ৰেছ প্রার্থী ললিতেশ পতি ত্রিপাঠীৰ সমৰ্থনত ভাদোহিত প্ৰচাৰ চলায়। তেওঁ কয় যে বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত সমগ্ৰ দেশত ১৪০খন আসনতো জয়লাভ নকৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিভিন্ন আগশাৰীৰ নেতাসকলৰ অংশগ্ৰহণৰ লগে লগে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। দিল্লীৰ ভোটদাতাসকলে ষষ্ঠ পৰ্যায়ত ৰাষ্ট্ৰীয় ৰাজধানীৰ গুৰুত্বপূৰ্ণ আসনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। দিল্লীৰ বিভিন্ন প্ৰান্তত ভোটাৰক আকৰ্ষণ কৰিবলৈ তীব্ৰ প্ৰচাৰ চলোৱা হৈছে এই মাত্ৰাত গতি প্ৰদান কৰি দিল্লীৰ নিৰ্বাচনী সভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই আজি ভাষণ দিব। প্রধানমন্ত্রী মোডীয়ে বিজেপি প্রার্থী কাৱালজিত দেহৰাৱটৰ হৈ দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই ভালছোৱা ডেইৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব। শ্রীখাগেই দলীয় প্ৰাৰ্থী উদিত ৰাজৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে পশ্চিম বংগলৈ যাব। ভ্রমণকালত শ্ৰীশ্বাহে কাণ্ঠি সংসদীয় সমষ্টিত এখন জনসভাত ভাগ ল’ব। পাছত নেতাগৰাকীয়ে ঘাটল, পুৰুলীয়া আৰু বাঁকুড়াত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ ল’ব। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি কলকাতা উত্তৰ আৰু কলকাতা দক্ষিণ লোকসভা সমষ্টিত দলৰ হকে প্ৰচাৰ চলাব। পাছত তেওঁ বাৰাছাত লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰোড শ্বত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক