লোকসভা নিৰ্বাচনত নিৰাপত্তা আৰু অন্যান্য দিশ সূক্ষ্মভাৱে তদাৰকৰ বাবে নিৰ্বাচন আয়োগৰ নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সূক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অৰ্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হব। তদুপৰি ই ভি এম সমূহ অনা নিয়া কৰা বাহনসমূহত জিপিএছ সংলগ্ন কৰি ৰখা হ’ব। প্ৰায় ২০ হাজাৰখন বাহনত জিপিএছ ট্রেকিঙৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে, এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ-যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। তেওঁ কয় যে এইবাৰ ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন লোকসকলে ব্রেইল পদ্ধতিৰে ভোট দিব পাৰিব। তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তানসম্ভৱা আৰু দিব্যাংগসকলক অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰা হব। আনহাতে, ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিক প্ৰতিবন্ধকতা থকা লোকসকলক তেওঁলোকৰ ইচ্ছা অনুসাৰে নিজৰ বাসগৃহৰ পৰা ভোটদানৰ সুবিধা দিয়া হৈছে। ইপিনে, ৰাজ্যখনত নিৰ্বাচন প্ৰযুক্তিৰ সহায়ত পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰোনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচন আচৰণবিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্রেই নির্বাচন আয়োগক অৱগত কৰিবলৈ চি ভিজিল এপ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। এই এপত পঞ্জীয়ন হোৱা ৯০ শতাংশ গোচৰ লাভ কৰাৰ এশ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হৈছে। ৰাজ্যখনত ৪ লাখ ৩৫ হাজাৰ নতুন ভোটদাতা আছে আৰু তেওঁলোকক সৰ্বোত্তম গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ নির্বাচন আয়োগৰ বিশেষ ব্যৱস্থা।

অধিক পঢ়ক

সকলো চাওক