June 30, 2024 5:20 PM | Maan ki Baat

printer

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণক শলাগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি শ্রীমোদীয়ে কয় যে, চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচন বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰূপে পৰিগণিত হৈছে আৰু এইবাৰৰ লোকসভা নিৰ্বাচনত ৬৫ কোটি লোকে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। বিশ্বৰ আন কোনো দেশত কেতিয়াও ইমান সংখ্যক লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। শ্রীমোদীয়ে লগতে নির্বাচন আয়োগ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে কৈছে যে, ৩০ জুন এটা গুৰুত্বপূৰ্ণ দিন কিয়নো এই দিনটোতে হুল দিৱস পালন কৰা হয়। তেওঁ কয় যে এই দিৱস বৃটিছ শাসকসকলৰ আতিশয্যৰ বিৰোধিতা কৰা সিদ্ধো আৰু কানহুৰ অদম্য সাহসৰ সৈতে জড়িত। বীৰ সিদ্ধো আৰু কানহুই ১৮৫৫ চনত ঝাৰখণ্ডৰ চাওতাল পৰগনাৰ হাজাৰ হাজাৰ চাওতালী লোকক বৃটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ঐক্যবদ্ধ কৰিছিল। এই সংগ্ৰামত অদম্য সাহসৰ প্ৰদৰ্শন কৰি বীৰ সিদ্ধো আৰু কানহুই শ্বদীদ হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ঝাৰখণ্ডৰ এই সন্তান দুগৰাকীৰ চৰম বলিদানে জনসাধাৰণক আজিও অনুপ্ৰাণিত কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক