লোকসভা নিৰ্বাচনত জয়ী হ’লে আম আদমী পাৰ্টীৰ ১০টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি

আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত জয়ী হ’লে ১০টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে বিদ্যুৎ, পানী, স্বাস্থ্য, শিক্ষা আৰু কৰ্মসংস্থানৰ দিশত পদক্ষেপ লোৱাৰ বিষয়ে নির্বাচনী প্ৰচাৰত উল্লেখ কৰে। দলটোৰ কাৰ্যালয়ত পাঞ্জাবৰ মুখ্যমন্ত্রী তথা জ্যেষ্ঠ নেতা ভগৱন্ত মানৰ সৈতে এখন সংবাদ মেলক সম্বোধন কৰি শ্ৰীকেজৰিৱালে ১০টা নির্বাচনী প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশতে দুখীয়া লোকক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে বিশ্বমানৰ চৰকাৰী বিদ্যালয় নিৰ্মাণৰ বিষয়েও শ্ৰীকেজৰিৱালে উল্লেখ কৰে। ইয়াৰ লগতে আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে দাবী কৰে যে চীনে দখল কৰা ভাৰতৰ ভূমি মুক্ত কৰিবলৈ সেনাবাহিনীক সম্পূর্ণ স্বাধীনতা দিয়া হ’ব। ইফালে, জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকার্জুন খার্গে আজি মহাৰাষ্ট্ৰৰ ধুলেত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শাসনাধিস্থ বিজেপি চৰকাৰখনৰ তীব্ৰ সমালোচনা কৰে। শ্ৰীখার্গেই ন্যায় ব্যৱস্থাত অংশীদাৰিত্ব সুনিশ্চিত কৰিবলৈ জাতিগত জনগণনা জৰুৰী বুলি দাবী কৰে।

অধিক পঢ়ক

সকলো চাওক