লোকসভা নির্বাচনৰ বাবে বিজেপিৰ সংকল্পপত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ

সমাগত লোকসভা নির্বাচনৰ বাবে বিজেপিয়ে কালি সংকল্পপত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ উপস্থিতিত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই ইস্তাহাৰ জাৰি কৰে। ইস্তাহাৰত দলে উমৈহতীয়া দেৱানি বিধি, এখন ৰাষ্ট্র-এটা নিৰ্বাচন আৰু একক নির্বাচন তালিকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলে লগতে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী ৫ বছৰৰ বাবে বিনামুলীয়া ৰেচন যোগান ব্যৱস্থা অব্যাহত ৰখাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলক সামৰি লোৱাৰ বাবে আয়ুষ্মান ভাৰত যোজনাৰ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতিও দিছে। সংকল্পপত্ৰত সবলীকৰণৰ জৰিয়তে ৩ কোটি মহিলাক লাখপতি বাইদেউৰূপে গঢ়ি তোলা আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনাৰে বিদ্যুৎ মাচুল শূন্য কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নির্বাচনী ইস্তাহাৰখনত উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি অঞ্চলটোত শান্তি বৰ্তাই ৰখাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইস্তাহাৰত দলে অশান্ত এলেকাসমূহৰ বিষয়সমূহ দূৰ কৰাৰ লগতে পৰ্যায়ক্রমে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি ঘোষণা কৰা হৈছে। দলে লগতে নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ আন্তৰাজ্যিক সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইস্তাহাৰ মুকলি কৰাৰ পাছত দলৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, সংকল্প পত্রই উন্নত ৰাষ্ট্ৰৰ ৪টা শক্তিশালী স্তম্ভ যুৱ প্ৰজন্ম, মহিলা, খেতিয়ক আৰু দৰিদ্ৰসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক