ডাউনলোড
মোবাইল এপ

android apple
signal

April 26, 2024 11:11 AM | 2nd phase election

printer

লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ খন আসনক সামৰি লোৱা হৈছে। এই সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ধলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বেজেৰাত ভোটদান কৰে। আনহাতে, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বটদ্ৰৱা দেওৰাবড়ি প্রাথমিক বিদ্যালয়ত পুৱাৰ ভাগত ভোটদান কৰে। আজি ভোটগ্রহণ অনুষ্ঠিত সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ কেন্দ্ৰসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ বিভিন্ন ব্যৱস্থা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্ৰসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত অর্ধ-সামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অর্পণ কৰা হৈছে আৰু ৪ হাজাৰ ৭৪৫ টা ভোটকেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে মাইক্ৰ’ অবজার্ভাৰ নিয়োগ কৰা হৈছে। ইপিনে, নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ ছীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কূটাঘাতমূলক কার্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত কয় যে দ্বিতীয় পৰ্যায়ত আজি ৰাজ্যখনৰ ৫ টা সমষ্টিৰ অন্তৰ্গত ৯ হাজাৰ ১৩৩ টা ভোটগ্রহণ কেন্দ্ৰত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। একেদৰে ৬১ হাজাৰ ৫৪৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই এই পৰ্যায়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোটদাতাসকলৰ ভিতৰত ১৫ হাজাৰ ৬৮৩ গৰাকী দৃষ্টিহীন আৰু ৩৪ হাজাৰ ৫৪৮ গৰাকী ৮৫ বছৰৰ ঊৰ্ধৰ ভোটদাতা আছে। একেদৰে ১০০ বছৰ অতিক্ৰম কৰা ৮৬২ গৰাকী ভোটদাতা আৰু ১৭ হাজাৰ ৩৯২ গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। এই পৰ্যায়ত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ১ লাখ ২১ হাজাৰ ৭৬৯ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব বুলি শ্ৰী গোৱেলে প্ৰকাশ কৰে। দেশত আজি ভোটগ্রহণ অনুষ্ঠিত সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ ৫টাকৈ, কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৬টা, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এটাকৈ সমষ্টি আছে। মধ্য প্ৰদেশৰ বেটুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীৰ্গৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্রহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ এহেজাৰ ২০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ বাবে ১ লাখ ৬৭ হাজাৰ ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু ১৬ লাখৰো অধিক নির্বাচনী বিষয়াক নিয়োজিত কৰা হৈছে। এই পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, চি পি আইৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূৰ্য, হেমামালিনী, অৰুণ গোভিল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰ স্বামী, বিজেপিৰ দিলীপ শ‍ইকীয়া, পৰিমল শুক্লবৈদ্য, আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম।

অধিক পঢ়ক

সকলো চাওক