লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ত ৫০ শতাংশ ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা

অসমত কাইলৈ লোকসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচনী কর্মী দলসমূহক বিভিন্ন ভোটগ্রহণ কেন্দ্রলৈ পঠিওৱা হৈছে। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাসহ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯ হাজাৰ ৫০০ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে যে অসমৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ইতিমধ্যে ছীল কৰি দিয়া হৈছে। আনহাতে, গুৰুত্বপূর্ণ ভোটকেন্দ্রসমূহত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী নিয়োগ কৰাৰ লগতে কমেও ৫০ শতাংশ ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অধিক সংবেদনশীল ভোটকেন্দ্রসমূহত মাইক্র’ অবজার্ভাৰৰো ব্যৱস্থা কৰা হৈছে। এই পর্যায়ত কংগ্রেছ, এন ডি এ, পিপলছ ফ্রন্ট, টি এম চি, চি পি আই এম আৰু অন্যান্য দলৰ প্রার্থীসকলে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে।