ডাউনলোড
মোবাইল এপ

android apple
signal

June 26, 2024 8:32 PM | Prahlad Joshi

printer

লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কৰিছে। সংসদ ভৱনৰ বাহিৰত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ আজি কয় যে, উপাধ্যক্ষৰ পদটোক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ সাজু আছিল যদিও বিষয়টোক লৈ পূর্ব চর্ত আৰোপ কৰাটো উচিত হোৱা নাই। আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে লালন সিঙে বিষয়টোক লৈ কংগ্ৰেছ দলক সমালোচনা কৰি, লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ প্ৰসংগক লৈ দলটোৱে চাপ প্ৰয়োগৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰে। আনহাতে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই কয় যে, লোকসভা অধ্যক্ষ নির্বাচনৰ প্ৰসংগক লৈ চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত কোনোধৰণৰ আলোচনা হোৱা নাছিল। পদটোৰ বাবে নির্বাচন হ’বলগীয়া পৰিস্থিতি হোৱা বাবেই দলটোৱে নিজাববীয়াকৈ মনোনয়ন দাখিল কৰা বুলি তেওঁ লগতে প্ৰকাশ কৰে। ইপিনে কংগ্ৰেছ দলৰ আন এগৰাকী নেতা গৌৰৱ গগৈয়ে কয় যে, শাসকীয় দলটোৱে তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। ২০২৪ চনৰ আগৰ আৰু ইয়াৰ পাছৰ সংসদৰ পৰিস্থিতি সম্পূর্ণ বেলেগ বুলি দলটোৱে অনুধাৱন কৰা উচিত বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক