ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিতৰ পাছত দুপৰীয়া ১২ বজাত পুনৰ মিলিত হোৱাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত

এটা আগশাৰীৰ ব্যৱসায়ী গোটৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পর্ক থকা বুলি উঠা অভিযোগকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত একেধৰণৰ পৰিস্থিতি অব্যাহত থাকে। কংগ্ৰেছ সাংসদসকলে ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সেইসময়ত সদনৰ কামকাজৰ পৰিচালনাত থকা সভাপতিগৰাকীয়ে সদনৰ কামকাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ অনুৰোধ জনায় যদিও তেওঁৰ অনুৰোধ অথলে যায়। এনে পৰিস্থিতিত সদনৰ কামকাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বিৰোধীপক্ষৰ অন্য দলৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক আৰু অন্য বিষয় লৈ সদন উত্তাল কৰি তোলে।

হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে আৰু প্রশ্নকালৰ সময়ত কোনো বিষয় উত্থাপন কৰিব নোৱাৰাৰ বিষয়লৈ ক্ষেদ প্ৰকাশ কৰে। তেওঁ প্ৰতিবাদৰত সাংসদসকলক সংসদৰ কামকাজ চলাই নিবলৈ দিবলৈ আহ্বান জনায় যদিও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।সদনৰ কামকাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ১২ বজাত সদন মিলিত হোৱাৰ সময়ত ৰাজ্য সভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। শাসকীয় আৰু বিৰোধী পক্ষৰ সাংসদসকলৰ মাজৰ বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটে। শাসকীয় পক্ষৰ সদস্যসকলে কংগ্ৰেছ একাংশ নেতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ ফাউণ্ডেছনৰ মাজত যোগসূত্ৰ থকা বুলি অভিযোগ উত্থাপন কৰে। বিষয়টো লৈ আলোচনা অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই তেওঁলোকে ইয়াক ৰাষ্টীয় সুৰক্ষাৰ দিশৰ পৰা গুৰুতৰ ভাবুকি বুলি অভিহিত কৰে। আনহাতে বিৰোধী পক্ষৰ সাংসদসকলে দেশৰ এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক লৈ আলোচনা কৰাৰ বাবে দাবী জনায়।

তেওঁলোকে লগতে শাসকীয় পক্ষই সদনৰ কামকাজ বিঘ্নিত কৰা আৰু শূন্যকাল তথা প্ৰশ্নকালৰ কামকাজ চলাই নিয়াত বাধা প্ৰদান কৰাৰ বিৰুদ্ধে আপত্তি দর্শায়। সভাপতি জগদীপ ধনখড়ে সদনৰ কামকাজ চলাই নিয়াটো চলাই নিয়াতো সম্ভৱ নহয় বুলি উল্লেখ কৰি সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰে আগেয়ে পুৱাৰ ভাগত উচ্চ সদন মিলিত হোৱাৰ সময়ত সভাপতিয়ে শাসকীয় আৰু বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ উত্থাপন কৰা স্থগিতকৰণৰ প্ৰস্তাব প্রত্যাখ্যান কৰে। তেওঁ উচ্চসদনত বিভিন্ন দলৰ নেতাসকলক সদনৰ কামকাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয়, যে শাসকীয় পক্ষই সদনৰ কামকাজ চলাই নিয়াটো আৰু শূন্য কালত বিভিন্ন বিষয়লৈ আলোচনা অনুষ্ঠিত হোৱাটো বিচাৰে।

তেওঁ লগতে বিৰোধী দলসমূহে সুবিধা অনুসৰি নিজৰ স্থিতি সলনি কৰা বুলি অভিযোগ তোলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে একে ধৰণৰ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খার্গেই শাসকীয় পক্ষ প্রতিকূল ভাবাপন্ন আৰু তেওঁলোকে সদনৰ কামকাজ চলাই নিয়াৰ অনুমতি প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ তোলে। সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা চলাই নিয়াৰ চেষ্টা চলাই যদিও তেওঁৰ চেষ্টা অথলে যায় পাছত তেওঁ সদনৰ কামকাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে৷

অধিক পঢ়ক

সকলো চাওক