July 31, 2024 10:22 AM | Finance Minister

printer

লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ বিত্তমন্ত্ৰীৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চৰকাৰে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাই আছে আৰু ২০২৫-২৬ বর্ষ পর্যন্ত বিত্তীয় ঘাটি ৪.৫ শতাংশৰ তললৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰিছে। লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱৰহ পাছত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থনীতি ৰূপে পৰিগণিত হৈছে। ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে সকলোৱে একেলগে কাম কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী সীতাৰমনে যোৱা ৩ বছৰত ভাৰতক দ্রুত বিকাশশীল অৰ্থব্যৱস্থা ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেশৰ নাগৰিক, মধ্যবিত্ত শ্রেণী, উদ্যমী, কৃষক, উপান্ত শ্রমিক আৰু ব্যৱসায়ীসকলক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদর্শী নেতৃত্ব অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী সীতাৰমনে কয় যে চৰকাৰৰ ব্যয় ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰৰ ব্যয়ৰ পৰিমাণ ৪৮ লাখ ২১ হাজাৰ কোটি টকা হয়। তেওঁ কয় যে ২০২৩-২৪ বৰ্ষত ব্যয় প্রায় ৭.৩ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। এইবাৰৰ বাজেটত কৃষি আৰু আনুসংগিক খণ্ড, গ্রামাঞ্চলৰ উন্নয়ন, নগৰ অঞ্চলৰ উন্নয়ন, স্বাস্থ্য আৰু সামাজিক কল্যাণৰ শিতানত আৱণ্টিত ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বাজেটত কোনো এটা শিতানত পূৰ্বৰ তুলনাত কম ধন আৱণ্টন কৰা হোৱা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় বাজেটত বিভিন্ন উদ্দেশ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা চলোৱা হৈছে যাতে উন্নত আৰু উচ্চ বিকাশৰ জৰিয়তে অসমানতা দূৰ কৰিব পৰা যায় ৷ চৰকাৰে বাজেটত বিকাশ, কর্মসংস্থাপন, কল্যাণ, ব্যয়, মূলধনী বিনিয়োগ আৰু বিত্তীয় একত্ৰীকৰণৰ দৰে কাৰকসমূহৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা চলাইছে বুলি শ্ৰীমতী সীতাৰমনে উল্লেখ কৰে। তেওঁ কয় যে ২০২৪-২৫ বৰ্ষত ৰাজহ ঘাটি আৰু বিত্তীয় ঘাটিৰ অনুপাত ২০২০-২১ বৰ্ষৰ ৮০ শতাংশৰ পৰা ৩৬ শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ২০১৩-১৪ বৰ্ষত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাবে বাজেটত ২১ হাজাৰ ৯৩৪ কোটি টকা আবণ্টন দিয়া হৈছিল বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে কয় যে এই ধন বর্তমান ১ লাখ ২৩ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী কিষাণ আঁচনিৰ শুভাৰম্ভ কৰাৰে পৰা আঁচনিখনৰ অধীনত ১১ কোটিৰো অধিক কৃষকক ৩ লাখ ২০ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে। কর্মসংস্থাপনহীনতা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমনে এন ডি এ চৰকাৰে বিগত ১০ বছৰত চাৰে ১২ কোটি কর্মসংস্থাপন সৃষ্টি কৰা বুলি দাবী কৰে। তেওঁ লগতে ইউ পি এ চৰকাৰৰ দিনত ১০ বছৰত মাত্ৰ ২ কোটি ৩০ লাখ কর্মসংস্থাপন সৃষ্টি হৈছিল বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বিগত দশকত কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে আৰু ২০২৪ বৰ্ষত এনে সুযোগ ২০১৪ বৰ্ষৰ ৩৪ শতাংশৰ পৰা ৫১ শতাংশলৈ বৃদ্ধি পাইছে। চৰকাৰে গ্ৰহণ কৰা দক্ষতা বিকাশৰ বিভিন্ন উদ্যমৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পোৱা বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে এইবেলি কেন্দ্রীয় বাজেটত দক্ষতা বিকাশৰ বাবে ৫খন আঁচনিৰ এটা পেকেজ ঘোষণা কৰা হৈছে। ২০২০ আৰু ২০২৩ বৰ্ষৰ মাজৰ সময়ছোৱাত দেশত মুদ্রাস্ফীতিৰ হাৰ গোলকীয় গড় হাৰতকৈ যথেষ্ট কম হৈ থকা বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে কয় যে কোভিড মহামাৰী সত্বেও নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক পৰিকল্পনাৰ বাবেই অৰ্থব্যৱস্থাৰ ওপৰত মুদ্রাস্ফীতিৰ বিৰূপ প্ৰভাৱ পৰা নাই । বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বাজেট ভাষণত কোনো ৰাজ্যৰ নাম উল্লেখ নকৰাৰ অৰ্থ এইটো নহয় যে ৰাজ্যসমূহক ধন আৱণ্টন কৰা হোৱা নাই । তেওঁ কয় যে ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত পূৰ্বৰ সকলো সাফল্য অধিক সুদৃঢ় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ পৰিকল্পনা যুগুতাই উলিওৱা হৈছে। তেওঁ কয় যে চৰকাৰে সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰে জনসাধাৰণৰ আকাংক্ষা পূৰণৰ প্ৰয়াসত ব্ৰতী হৈ আছে। ৰাজ্যসভাতো কালি বাজেট সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ এন চি পিৰ প্রফুল্ল পেটেলে কয় যে, কেন্দ্ৰীয় চৰকাৰে বিত্তীয় অনুশাসনমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে ২০১৪ চনৰে পৰা দেশৰ বিত্তীয় অৱস্থা বৰ্তাই ৰখাত সফল হৈছে। তেওঁ কয় যে, যুৱক-যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি এইবাৰৰ বাজেটৰ অন্যতম লক্ষ্য হিচাপে পৰিগণিত হৈছে। তদুপৰি চৰকাৰে এইবাৰৰ বাজেটত আন্তঃগাঁথনি খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে। অনুৰূপ মত প্ৰকাশ কৰি বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতাই কয় যে এইবাৰ বাজেটত দৰিদ্ৰ, কৃষক, মহিলা, মধ্যবিত্ত আৰু আন্তঃগাঠনিৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয় যে, এনে পদক্ষেপৰ বাবে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে চৰকাৰে ৮০ কোটি লোকক বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। আলোচনাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে বাজেট দেশৰ সৰ্বাত্মক বিকাশ আৰু আৰ্থসামাজিক বিকাশৰ আহিলাস্বৰূপ। তেওঁ কয় যে এইবাৰৰ বাজেটত আন্তঃগাঁথনি উন্নয়নৰ লগতে কর্মসংস্থাপন সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত দৰিদ্ৰতা দূৰীকৰণ, দুখীয়া লোকৰ সৱলীকৰণ, খেতিয়কসকলক সাহায্য প্ৰদান আৰু গাঁওসমূহ সুদৃঢ় কৰি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি শ্ৰীনাড্ডাই প্ৰকাশ কৰে। তেওঁ লগতে জন ধন যোজনা আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাকে ধৰি সমাজৰ দুখীয়া আৰু উপান্ত শ্ৰেণীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ কথা উল্লেখ কৰে। এই আলোচনা কালি অমীমাংসিত হৈ ৰয় ৷

অধিক পঢ়ক

সকলো চাওক