লোকসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কর্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে, দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেতৃগৰাকীয়ে অগ্নীবীৰ আঁচনিখনক লৈ চৰকাৰক সমালোচনা কৰে আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। চৰকাৰে বাজেটত খেতিয়ক আৰু শ্ৰমিকসকলক আওকান কৰা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে কয় যে, চৰকাৰে ন্যূনতম সমর্থনমূল্য সন্দৰ্ভত খেতিয়কসকলক আইনী নিশ্চয়তা প্রদান কৰা উচিত আৰু শ্ৰমিকসকলৰ বাবে কমেও ৪ শ টকাৰ দৈনিক মজুৰী ধাৰ্য কৰিব লাগে।
আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে, ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ভাৰত অর্থনৈতিকভাৱে দুৰ্বল বিশ্বৰ ৫ খন দেশৰ ভিতৰত আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক ব্যৱস্থা স্বচ্চ কৰি তুলিছে। শ্ৰী দেৱে কয় যে, অর্থনৈতিক সমীক্ষাত ২০২৪ -২৫ বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৬.৫ শতাংশৰ পৰা ৭ শতাংশৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। তেওঁ ২০২৪-২৫ বৰ্ষৰ বাজেটখনক দেশৰ আৱশ্যকতা কেন্দ্ৰিক বুলি অভিহিত কৰে। সাংসদগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ তুলনাত এইবাৰ বাজেটত ১৮ শতাংশ অধিক মূলধনী ব্যয়ৰ প্ৰস্তাব দিয়া হৈছে আৰু ইয়াৰ পৰা বাজেটত যে আন্তগাঠনি তথা কর্মসংস্থাপনত অধিক গুৰুত্ব আৰোপ কৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে বিত্তীয় আৰু সামাজিক খণ্ডত লোৱা বিভিন্ন পদক্ষেপৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ বীৰেন্দ্ৰ সিঙে আলোচনাত ভাগ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰপ্ৰদেশক আওকান কৰা বুলিও অভিযোগ তোলে। তেওঁ ইয়াক যুক্তৰাষ্ট্ৰীয় গাঠনিৰ ওপৰত হোৱা আক্রমন বুলি আখ্যা দিয়ে। আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কর্মসংস্থাপন, বিমুদ্ৰাকৰণ আৰু বিৰোধী নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰ নিজৰ প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা পূৰণত ব্যর্থ হোৱা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে নীটৰ বিষয় লৈও চৰকাৰক আক্ৰমনৰ লক্ষ্য কৰি লয়। অলপতে হোৱা ৰেল দুৰ্ঘটনাৰ কথা উল্লেখ কৰি শ্ৰীবেনাৰ্জীয়ে কয় যে বাজেটত ৰেল সুৰক্ষাৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই। তেওঁ লগতে এইবাৰৰ বাজেটখন দুখীয়াৰ পৰিপন্থী বুলি অভিযোগ তোলে। ডি এম কেৰ দয়ানিধি মাৰানে বাজেটত তামিলনাডুক অবহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে মূল্যবৃদ্ধিৰ বাবে দেশৰ জনসাধাৰণ জিয়াতু ভূগিবলগীয়া হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে অপ্ৰত্যাশিত কৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায়। টি ডি পিৰ শ্ৰীব্ৰত মথুকুমিলিয়ে এইবাৰৰ বাজেটক ভৱিষ্যদর্শী আৰু বিকশিত ভাৰতৰ প্ৰতি চৰকাৰৰ অটুট প্রতিশ্রুতিবদ্ধতাৰ নিদৰ্শন বুলি অভিহিতি কৰে। তেওঁ লগতে নগৰ আৰু চহৰ অঞ্চলত ১ কোটি বাসগৃহ নিৰ্মাণৰ বাবে বাজেটত সমৰ্থন আগবঢ়োৱা আৰু প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা লেখিয়া জনকল্যাণমূলক আঁচনিসমূহৰ বাবে চৰকাৰক ভূয়সী প্ৰশংসা কৰে। জে ডি ইউৰ দিনেশ চন্দ্ৰ যাদৱে বিহাৰৰ ছহৰছাত বিমান বন্দৰ আৰু এইমছ স্থাপন কৰিবলৈ দাবী জনায়। তেওঁ লগতে কয় যে চৰকাৰে সাংসদসকলৰ দৰমহা আৰু ভাট্টা বৃদ্ধি কৰাৰ কথা বিবেচনা কৰা উচিত, কিয়নো তেওঁলোকেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আলোচনাত অংশ লৈ এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া ছুলেই জম্মু-কাশ্মীৰত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। তেওঁ বিনিয়োগ, ব্যৱহাৰ, ৰপ্তানি আৰু বিত্তীয় ব্যয়ক শক্তিশালী অৰ্থব্যৱস্থাৰ চাৰি প্ৰকাৰৰ চালিকা শক্তি বুলি অভিহিত কৰে। সাংসদগৰাকীয়ে কয় যে বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে কৰ্পোৰেট কৰ হ্ৰাস কৰা হৈছে যদিও চৰকাৰৰ পৰিসংখ্যাৰ পৰা ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। কংগ্ৰেছ সাংসদ শশী থাৰুৰে আলোচনাত ভাগ লৈ এইবুলি অভিযোগ কৰে যে চৰকাৰৰ অগ্ৰাধিকাৰ দুখন ৰাজ্যত মিত্ৰদলসমূহৰ তুষ্টিকৰণৰ আশে-পাশে থকা পৰিলক্ষিত হৈছে। তেওঁ এইবাৰৰ বাজেটখনক নিৰাশাজনক বুলি অভিহিত কৰে। চৰকাৰে দেশৰ জনসাধাৰণক নিৰাশ কৰা বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে। লোকসভাত বাজেট সম্পৰ্কীয় আলোচনা কালি অমিমাংসীত হৈ ৰয়।