ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 8:39 PM | Ashwini Baishnav

printer

লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে ৰেলৱে বোৰ্ডক বিধিসম্মত ক্ষমতা প্ৰদানৰ লগতে বোৰ্ডক অধিক স্বতন্ত্ৰ কৰি তুলিব খোজা হৈছে। এই বিধেয়কখনে ১৯০৫ চনত ভাৰতীয় ৰেল বোর্ড আইনৰ ঠাই লব আৰু ৰেল বোৰ্ডৰ সৈতে জড়িত ব্যৱস্থাসমূহক ১৯৮৯ চনত ৰেল আইনত অন্তৰ্ভুক্ত কৰিব। ইয়াৰ ফলত আইনী পৰিকাথামো সৰল হ’ব আৰু দুয়োখন আইনৰ প্ৰসংগ দশোৱাৰ আৱশ্যকতা কম হ’ব। বিধেয়কখন উত্থাপন কৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰেল খণ্ডৰ দক্ষতা বৃদ্ধিয়ে এই বিধেয়কখনৰ মূল উদ্দেশ্য। তেওঁ কয় যে বিগত দহ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ৰেল বিভাগৰ যথেষ্ট উন্নয়ন হৈছে। তেওঁ কয়, যে দহ বছৰ পূৰ্বে ৰেলৱেৰ বাজেট প্রায় ২৯ হাজাৰ কোটি টকা আছিল আৰু সম্প্ৰতি এই পৰিমাণ ২ লাখ ৫২ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। বিগত ১০ বছৰত ৪৪ হাজাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
বিধেয়খন সন্দৰ্ভত মত প্ৰকাশ কৰি কংগ্ৰেছৰ মনোজ কুমাৰে বিধেয়কখনে ৰেল খণ্ডৰ ব্যক্তিগতকৰণৰ পথ প্রশস্ত কৰিব বুলি আশংকা প্ৰকাশ কৰে। তেওঁ লগতে বন্দে ভাৰত ৰেলগাড়ীসমূহৰ টিকটৰ অধিক মূল্যৰ বিষয়টো উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ ৰবি কিষাণে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰেল বিভাগে লাভ কৰা সাফল্যসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে ২০১৪ চনৰ পাছৰে পৰা ৰেলৱেৰ দুৰ্নীতিগ্ৰস্ত ছবিৰ উন্নয়ন ঘটিছে। সমাজবাদী পাৰ্টীৰ নিজ মৌৰ্যই ৰেলৱে ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবলৈ চৰকাৰৰ প্রতি আহ্বান জনায়। তেওঁ লগতে ৰেল বোর্ডে স্বতন্ত্রভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সমৰ্থ হব লাগে বুলি মত প্ৰকাশ কৰে। আলোচনাত অংশ লৈ শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ অৰবিন্দ গণপত সাৱন্তে ৰেলৱেৰ মাটিত হোৱা বেদখলক লৈ চিন্তা ব্যক্ত কৰে।

অধিক পঢ়ক

সকলো চাওক