লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ

লোকসভাত বিত্ত বিধেয়ক ২০২৪ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ ড০ অমৰ সিঙে এইবাৰৰ কেন্দ্ৰীয় বাজেটে অকল উচ্চ আয়ৰ গোটসমূহকে সকাহ প্ৰদান কৰা বুলি আৰু বাজেটত মধ্য আৰু নিম্ন আয়ৰ লোকৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, দেশত কৃষি ক্ষেত্ৰৰ বিকাশ ক্ৰমাৎ হ্রাস পাইছে। তেওঁ লগতে কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ বিষয় লৈ চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। অন্য এগৰাকী কংগ্ৰেছ সাংসদ দীপেন্দ্র হুদাই কয় যে, দেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অবিৰতভাৱে হ্ৰাস পাইছে। সাংসদগৰাকীয়ে পেট্ৰল আৰু ডিজেলৰ ওপৰত আৰোপিত আৱকাৰী শুল্ক হ্ৰাস কৰিবলৈ আৰু জীৱন বীমা তথা চিকিৎসা বীমাক সামগ্ৰী আৰু সেৱাকৰৰ আওতাৰ বাহিৰত ৰাখিবলৈ দাবী জনায়। কেন্দ্ৰীয় চৰকাৰে হাৰিয়ানাত কোনো প্ৰকল্প প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।
আলোচনাত অংশ লৈ বিজেপিৰ নিশিকান্ত ডুবেই কয় যে, কেন্দ্রীয় বাজেটত এঞ্জেল কৰৰ বিলুপ্তি সাধনৰ বাবে দিয়া প্রস্তাৱে ষ্টার্ট আপসমূহৰ প্ৰসাৰত সহায় কৰিব আৰু দেশত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সম্ভাৱনা বৃদ্ধি পাব। তেওঁ লগতে অগ্নিবীৰ আঁচনিৰ সমালোচনা কৰাৰ বিষয় লৈ বিৰোধী পক্ষক প্রশ্ন উত্থাপন কৰে। কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ লৈ বিৰোধী পক্ষক সমালোচনা কৰি শ্ৰীডুবেই কয় যে, কেন্দ্রীয় তদন্ত সংস্থা চিবিআই আৰু বিধি বলবৎকাৰী সংস্থা ই ডিক দুৰ্ঘটনাৰ গোচৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে ।
তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্রই কয় যে, কেন্দ্ৰীয় বাজেটত মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ বাবে কোনো ব্যৱস্থা নাই। তেওঁ কয় যে, পৰোক্ষ কৰ পশ্চাদগামী কিয়নো এনে ব্যৱস্থাত দুখীয়াৰ পৰা কোটিপতিলৈ সকলোৱে সমান কৰ আদায় দিবলগীয়া হয়। প্রত্যক্ষ আৰু পৰোক্ষ কৰৰ মাজত সমতা থকা উচিত বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ চুপ্ৰিয়া ছুলেই আলোচনাত ভাগ লৈ জীৱন বীমা আৰু চিকিৎ‍সা বীমাৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

অধিক পঢ়ক

সকলো চাওক