ডাউনলোড
মোবাইল এপ

android apple
signal

February 1, 2025 6:22 PM | Budget 2025-2026

printer

লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি লোকসভাত দেশৰ মধ্যবিত্ত শ্ৰেণীক সকাহ দিয়াৰ লক্ষ্যৰে আৰু বৃহৎ অর্থনৈতিক সংস্কাৰৰ ঘোষণাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দাখিল কৰা আজিৰ বাজেটত শিশু, মহিলা, কৃষক আৰু উদ্যমী সকলৰ কাৰণে বিশেষ প্ৰস্তাৱ ঘোষণা কৰাৰ লগতে কৃষি, চিকিৎসা, নিয়োগ, পর্যটন আদি বিষয়সমূহেও গুৰুত্ব লাভ কৰিছে। এইবাৰৰ বাজেটত ১০টা প্ৰধান ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেট বিকশিত ভাৰতৰ আকাংক্ষা পূৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰাৰ লগতে বিকাশৰ বাবে সমৰ্পন কৰা হৈছে বুলি বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে অহা ৫ বছৰত চৰকাৰে নিয়োগ সম্বন্ধীয় বিকাশৰ লক্ষ্য পূৰণ কৰাত সমৰ্থ হ’ব।
অহা সপ্তাহত নতুন আয়কৰ বিধেয়ক ঘোষণা কৰা হ’ব বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বীমা খণ্ডত প্রত্যক্ষ বিদেশী বিনিয়োগ ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে অর্থনৈতিক সংস্কাৰৰ বাবে উচ্চস্তৰীয় কমিটী গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে।
পর্যটন ক্ষেত্ৰক এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে। বাজেটৰ প্ৰতিলিপিত দেশৰ ৫০খন উল্লেখযোগ্য পর্যটন ক্ষেত্ৰৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে বিশেষ চুক্তিও সম্পাদন কৰা হ’ব বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত কৃষিখণ্ডৰ উন্নয়ন আৰু কৃষকক উপকৃত কৰাৰ লক্ষ্যৰে বহুকেইখন নতুন আঁচনি ঘোষণা কৰা হৈছে। কিষাণ ক্রেডিট কাৰ্ডৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি আজিৰ বাজেটত কৃষি উৎপাদন বৃদ্ধিৰ বাবে বিশেষ প্ৰস্তাৱ লোৱা হয়। কৃষকৰ উন্নয়নৰ লক্ষ্যৰে ১ কোটি ৭০ লাখ কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত ‘প্রধানমন্ত্রী ধন ধ্যান কৃষি যোজনা’ আৰম্ভ কৰাৰ প্ৰস্তাৱা লোৱা হয়। দাইল উৎপাদনৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰে ছবছৰীয়া অভিযান আৰম্ভ কৰিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ বাবে বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যোগীৰ বাবে এই বাজেটত ১০ হাজাৰ কোটি টকাৰ আঁচনিৰ লগতে মহিলা উদ্যোগীৰ বাবে বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰা ৫ লাখ মহিলা, অনুসূচিত জাতি আৰু জনজাতিৰ উদ্যোগীৰ বাবে ২ কোটি টকাৰ ঋণৰ ঘোষণাইও আজিৰ বাজেটত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। আজিৰ বাজেটত ষ্টার্টআপ উদ্যোগীৰ বাবেও পূৰ্বৰ তুলনাত ঋণৰ পৰিমাণ বৃদ্ধি কৰি ২০ কোটি টকালৈকে ঋণ প্ৰদানৰ বিষয়ে প্ৰস্তাৱ লোৱা হৈছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এই বাজেটত আয়কৰ গাঁথনি সৰলীকৃত কৰাৰ বাবে বিত্তমন্ত্রীয়ে প্রতিশ্রুতি দিছে। মধ্যবিত্তৰ সকাহৰ বাবে আয়কৰ গাঁথনিত সংস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰি কাৰ্যকৰীভাৱে বাৰ্ষিক আয় ১২ লাখ টকালৈ আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ কৰ ৰেহাই ৫০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
জনসাধাৰণৰ স্বাস্থ্য সুনিশ্চিত কৰিবলৈ দেশৰ স্বাস্থ্য খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি জীৱনদায়িনী ৩৬বিধ ঔষধৰ ক্ষেত্ৰতো কৰ ৰেহাই দিয়া হ’ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। ২০২৫ চনৰ ভিতৰত দেশৰ সকলোবোৰ জিলা হাস্পতালত দুহেজাৰ্টা কৰ্কট কেন্দ্ৰ স্থাপন কৰা হ’ব। চিকিৎসা মহাবিদ্যালয়সমূহত ১০ হাজাৰ অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ’ব বুলিও বাজেটত উল্লেখ কৰে। দেশত দুহেজাৰটা দিনৰ ভাগত শিশুৰ পৰিচৰ্যা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও বিত্তমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰে৷ দেশৰ পাঁচখন আই আই টিৰ সক্ষমতা বৃদ্ধিৰ বাবেও লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত নামৰূপত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্যৰে নতুনকৈ ইউৰিয়া প্ৰকল্প স্থাপনৰ বিষয়ে ঘোষণা কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বাজেটৰ এই প্ৰস্তাৱক আদৰণি জনাই এই প্রকল্প ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে লাভদায়ক হ’ব বুলি প্ৰকাশ কৰে। সাৰৰ লগতে এই প্ৰকল্পই প্রাকৃতিক গেছৰ সদ্ব্যৱহাৰৰ ক্ষেত্ৰতো সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক