লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত

লোকসভাত কালি বিত্ত বিধেয়ক ২০২৪ সংশোধন সহ গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ কাৰ্যকৰী হৈ পৰিল আৰু বাজেট প্রক্রিয়াও সম্পূৰ্ণ হ’ল। বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দি বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কয় যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কব আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। তেওঁ কয় যে, চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আৰোপ ব্যৱস্থা প্ৰণয়ন কৰিছে। শ্ৰীমতী সীতাৰমনে ভূমি সা-সম্পত্তি খণ্ডৰ নতুন মূলধনী লাভালাভ কৰৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ উদ্দেশ্যে দীর্ঘকালীন মূলধনী লাভালাভ সন্দৰ্ভত এটা সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। ইয়াৰ অধীনত কৰাতাসকলক কম হাৰৰ নতুন কৰ ব্যৱস্থা অথবা উচ্চ হাৰৰ কৰৰ পুৰণি ব্যৱস্থা বাচি লোৱাৰ বিকল্প প্ৰদান কৰা হৈছে।
চিকিৎসা আৰু জীৱন বীমাৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰৰ বাবে বিৰোধী পক্ষই জনোৱা দাবী সন্দৰ্ভত বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসা বীমাৰ ওপৰত আৰোপিত ১৮ শতাংশ সামগ্ৰী আৰু সেৱা কৰ বাতিলৰ বিষয়টো সন্দৰ্ভত সামগ্ৰী আৰু সেৱা কৰ পৰিষদত সিদ্ধান্ত ল’ব পৰা যাব। তেওঁ কয় যে এই ক্ষেত্ৰত সংসদত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰাৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰ পৰিষদত এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ দুই-তৃতীয়াংশ প্রতিনিধি ৰাজ্যৰ আৰু এক-তৃতীয়াংশ কেন্দ্ৰৰ বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। তেওঁ কয় যে বিৰোধী দলসমূহে সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ বিবেচনাৰ উদ্দেশ্যে বিষয়টো অনাৰ বাবে তেওঁলোকৰ ৰাজ্যিক বিত্তমন্ত্ৰী সকলৰ ওচৰ চপা উচিত। সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ পূৰ্বেও চিকিৎসা বীমাৰ ওপৰত কৰ আৰোপ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰৰ বোজা বৃদ্ধি পোৱা বুলি কৰা দাবী খণ্ডন কবি শ্রীমতী সীতাৰমনে কয় যে ২০২৩ চনত ব্যক্তিগত আয়কৰৰ স্তৰ যথেষ্ট উদাৰ কৰা হৈছে। তেওঁ কয় যে, সকলো কৰদাতাৰ কৰৰ ডেনা পাওনা ৩৭ হাজাৰ ৫০০ টকা হ্ৰাস পাইছে আৰু ইয়াৰ পৰা মধ্যবিত্ত শ্রেণী উপকৃত হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰৰ বাজেটত বেতনভোগী কর্মচাৰীৰ বাবে ষ্টেণ্ডার্ড ডিডাকচন ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বেতনভোগী কর্মচাৰীসকলে ১৭ হাজাৰ ৫শ টকা পৰ্যন্ত সকাহ লাভ কৰিব। তেওঁ কয় যে, নতুন পেঞ্চন ব্যৱস্থা বাচি লব খোজা ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ যোগদান ১০ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে। বিগত দুবছৰত মধ্যবিত্ত শ্রেণীক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমনে দাবী কৰে। তেওঁ কয় যে, কোৱিড মহামাৰীৰ সন্মুখীন হোৱাৰ বাবদ হোৱা ব্যয়ৰ জোৰা মৰাৰ বাবে কোনো ধৰণৰ কৰ আৰোপ কৰা নাছিল। ২০২৪ বৰ্ষৰ অন্তৱৰ্তী বাজেটত ৯০ লাখ কৰদাতাৰ সত্যাসত্য পৰীক্ষা নকৰাকৈ ক্ষুদ্ৰ আৰু পূৰণি কৰ দাবী অভিলেখৰ পৰা আঁতৰ কৰা হৈছিল। এঞ্জেল টেক্সৰ বিলুপ্তি সাধনৰ পৰা ষ্টাৰ্ট আপসমূহে সকাহ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
পৰোক্ষ কৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় সুবিধাজনক কবি তোলাৰ বাবে সীমা শুল্কৰ প্ৰক্ৰিয়া সবল কৰি তোলাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঘৰুৱা উৎপাদন আৰু ৰপ্তানিৰ প্রতিযোগিতা বৃদ্ধি পাব। তেওঁ কয় যে, কেচা সামগ্ৰীৰ মূল্য আৰু ঘৰুৱা উৎপাদন ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে বাজেটত তালিকাভুক্ত ভালেমান সামগ্ৰীৰ সীমা শুল্ক কম কৰা হৈছে।
বিত্ত মন্ত্রীগৰাকীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ বাবে ৩১ জুলাই পর্যন্ত অভিলেখ সংখ্যক ৭ কোটি ২৮ লাখ আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছে। আয়কৰ ৰিটাৰ্ণ দাখিলৰ এই সংখ্যা যোৱা বছৰৰ তুলনাত ৭.৫ শতাংশ অধিক।
ইয়াৰ পূৰ্বে আলোচনাত ভাগ লৈ বিজেপিৰ জগদম্বিকা পালে কয় বিত্ত বিধেয়কখনে এইবাৰৰ বাজেটত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ধাৰ্য কৰা লক্ষ্য পূৰণত সহায় কৰিব। বাজেটখনে দেশৰ কৰ আৰোপ ব্যৱস্থা সবল কৰি তুলিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে৷ কংগ্ৰেছৰ মহম্মদ হমদুল্লাই আলোচনাত ভাগ লৈ চৰকাৰে কৰ্পোৰেট গোষ্ঠীক অধিক সকাহ প্ৰদান কৰিছে আৰু তেওঁলোকৰ কৰৰ দেনা-পাওনা জনসাধাৰণৰ তুলনাত কম হৈছে বুলি অভিযোগ তোলে।
বিত্ত বিধেয়ক গৃহীত হোৱাৰ পাছত লোকসভাৰ অধ্যক্ষই সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখে।

অধিক পঢ়ক

সকলো চাওক