ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাত  আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ’ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ’ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ্তখন বাজেট। বাজেট প্রস্তুত কৰিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে শিক্ষা, স্বাস্থ্য, নিয়োগ, বাণিজ্য, আন্তঃগাঁথনি তথা শক্তিকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ ব্যক্তি তথা বিশেষজ্ঞ সকলৰ মত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বিশেষজ্ঞ তথা বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলৰ পৰামৰ্শসমূহ বাজেটৰ বাবে চালি জাৰি চাই গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। লোকসভাত বাজেট উত্থাপনৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাতো দাখিল কৰা হ’ব। ইয়াৰ পূৰ্বে কালি উভয় সদনত ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰা হয়। দাখিল কৰা সমীক্ষা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৬ দশমিক ৫ শতাংশৰ পৰা ৭ শতাংশ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। সংসদৰ বাজেট অধিৱেশনৰ কালি প্ৰথম দিনা লোকসভাত অর্থনৈতিক সমীক্ষা দাখিল কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই তথ্য প্ৰকাশ কৰে। সমীক্ষাত প্ৰকাশ পোৱা মতে গোলকীয় অৰ্থনীতিৰ ক্ষেত্ৰখনৰ অনিশ্চয়তা সত্ত্বেও ২০২৩-২৪ বিত্তীয় বৰ্ষত ঘৰুৱা উৎপাদনত অর্থনৈতিক বিকাশ সম্ভৱপৰ হৈ উঠিছে। চলিত বিত্তীয় বৰ্ষত সেৱা খণ্ডই মুঠ অর্থনৈতিক বিকাশৰ ৫৫ শতাংশৰ অংশীদাৰ হৈ পুনৰবাৰ দেশৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াইছে বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে অর্থনৈতিক সমীক্ষা সন্দৰ্ভত চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণে এখন সংবাদমেলক সম্বোধন কৰি কয় যে, দেশৰ অৰ্থনৈতিক বিকাশে এটা উল্লেখযোগ্য গতি লাভ কৰিছে। অহাটো বিত্তীয় বৰ্ষত কৃষিখণ্ডই উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে মন্তব্য কৰে। দেশৰ ক্ৰমবৰ্ধমান কর্মশক্তিক সংস্থাপিত কৰিবলৈ ভাৰতীয় অর্থনীতিয়ে ২০৩০ চনলৈকে কৃষিখণ্ডৰ বাহিৰত বছৰি প্ৰায় ৭৯ লাখ নিযুক্তি প্ৰদান কৰাটো প্ৰয়োজন বুলিও ড০ নাগেশ্বৰণে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক